আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬২ সংখ্যক জয়ন্তী

ভাষা-সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৰচনা কৰিছিল। সাহিত্য জগতত তেওঁৰ অৱদান অতুলনীয়। তেওঁৰ সৃষ্টিৰাজিৰে আজিও অসমীয়া সমাজক চহকী কৰি ৰাখিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি অসমীয়া সাহিত্যৰ পথ প্রদর্শক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬২ সংখ্যক জয়ন্তী। প্রজ্ঞাৰ সাধনাৰে মাতৃভাষা আৰু সমাজ জীৱনক গৌৰৱান্বিত কৰা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ মার্গ দর্শনকাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্রদ্ধা জ্ঞাপন কৰিছে।

ভাষা-সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৰচনা কৰিছিল। সাহিত্য জগতত তেওঁৰ অৱদান অতুলনীয়। তেওঁৰ সৃষ্টিৰাজিৰে আজিও অসমীয়া সমাজক চহকী কৰি ৰাখিছে।

১৯৬৪ চনৰ ১৪ অক্টোবৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ৷ গল্প, উপন্যাস, প্ৰৱন্ধ, শিশুসাহিত্য, কবিতা, নাটক আদিৰে অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ অৱদান অমূল্য ৷ ১৯২৪ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল।

 বাঁহী, জোনাকী আদি যুগান্তকাৰী আলোচনীসমূহৰ সম্পাদক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অমূল্য বৰঙণি যোগাইছে। প্ৰথম অসমীয়া চুটি গল্পৰ লেখক, জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত এজন আৰু ৰসৰাজ বা সাহিত্যৰথী নামেৰে পৰিচিত এই গৰাকী সাহিত্য কাণ্ডাৰীৰ জন্মদিনটোত ৰাজ্যৰ বিভিন্ন স্থানত তেওঁলৈ শ্রদ্ধা নিবেদন কৰা হৈছে। 

লক্ষ্ণীনাথ বেজবৰুৱা