আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক মৃত্যুতিথিঃ কটনত বিশেষ বঁটা প্ৰদান অনুষ্ঠান…

আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক মৃত্যুতিথিঃ কটনত বিশেষ বঁটা প্ৰদান অনুষ্ঠান…

author-image
asomiyapratidin
New Update
আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক মৃত্যুতিথিঃ কটনত বিশেষ বঁটা প্ৰদান অনুষ্ঠান…

ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ অন্যতম কাণ্ডাৰী ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আজি ১২৫সংখ্যক মৃত্যু তিথি। সমগ্ৰ ৰাজ্যত ভাষাৰ ওজাগৰাকীক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। হেমচন্দ্ৰ বৰুৱা যোৰহাট জিলাৰ ৰজা-বাহৰ গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী। মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জ্যেষ্ঠ সন্তান আছিল।

Advertisment

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি আগবঢ়োৱা হ'ব 'ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা' আৰু 'হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা'। ওজা হেমচন্দ্ৰ বৰুৱা ন্যাস আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ যৌথ উদ্যোগত সেই উদ্দেশ্য কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হব এই বঁটা প্ৰদান অনুষ্ঠান।

পুৱাৰ ভাগত গুৱাহাটী বিশ্বিদ্যালয় চৌহদত থকা তেওঁৰ পূৰ্ণ অবয়ৱ মূৰ্তিৰ স্থানত বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব শ্ৰদ্ধা তৰ্পণ অনুষ্ঠান। আধুনিক ভাৰতীয় ভাষা বিভাগৰ মূৰব্বী অধ্যাপক ড০ দিলীপ বৰাই পৰিচালনা কৰিব এই অনুষ্ঠান।

উল্লেখ কৰাৰ প্ৰয়োজন যে, দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটাৰ বাবে এইবাৰ বাঁচনি কৰা হৈছে ক্ৰমে ড০ শিৱনাথ বৰ্মন আৰু বীৰুৱালা ৰাভাক। ড০ শিৱনাথ বৰ্মনক প্ৰদান কৰা হব ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা আৰু বীৰুৱালা ৰাভাক প্ৰদান কৰা হব হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা।