/asomiyapratidin/media/media_files/2025/12/27/1-2025-12-27-13-23-25.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া জাতিৰ জাতীয় চেতনাৰ প্ৰতীক তথা বৌদ্ধিক প্ৰাণকেন্দ্ৰ অসম সাহিত্য সভাৰ আজি ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯১৭ চনৰ আজিৰ দিনটোতে শিৱসাগৰত জন্মলাভ কৰা এই সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৱে আজি গৌৰৱোজ্জ্বল ১০৯ বছৰত ভৰি দিলে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা সভাৰ শাখা কাৰ্যালয়সমূহৰ লগতে কেন্দ্ৰীয়ভাৱেও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতিক ঐতিহ্যৰ অন্যতম শীর্ষস্থানীয় অনুষ্ঠান ৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে।
এই উপলক্ষে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰবচ্ছিন্নভাৱে কাম কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসম সাহিত্য সভাৰ লগত জড়িত অতীতৰ মহান কাণ্ডাৰীসকলক প্ৰণিপাত জনায়। তেওঁ সাহিত্য সভাৰ লগত জড়িতসকলৰ লগতে ৰাজ্যবাসীলৈয়ো শুভকামনা জ্ঞাপন কৰে।
উল্লেখ্য যে, ১৯১৭ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰথমখন অধিৱেশনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই অনুষ্ঠানটোৱে অসমীয়া ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু প্ৰসাৰত এক অনন্য ভূমিকা পালন কৰি আহিছে। আজিৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ বৌদ্ধিক সমাজ আৰু সাহিত্য অনুৰাগীসকলে সভাৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us