আজি ৰাষ্ট্ৰীয় কৃষি দিৱস

কৃষকৰ সমৰ্পণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমগ্ৰ দেশতে গৌৰৱেৰে কৃষক দিৱস উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি ৰাষ্ট্ৰীয় কৃষি দিৱস। প্ৰতি বছৰে ভাৰতত ২৩ ডিচেম্বৰ দিনটো কৃষক দিৱস হিচাপে পালন কৰা হয়। যিয়ে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আমাক প্ৰয়োজনীয় খাদ্য যোগান ধৰে । এই দিনটোত সমগ্ৰ দেশে খাদ্য প্ৰদানকাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। কৃষকৰ সমৰ্পণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমগ্ৰ দেশতে গৌৰৱেৰে কৃষক দিৱস উদযাপন কৰা হয়।

জাতীয় কৃষক দিবস 2021: কিষাণ দিবসের তারিখ, ইতিহাস এবং তাৎপর্য - ইন্ডিয়া  টুডে

উল্লেখ্য যে, ১৯০২ চনৰ ২৩ ডিচেম্বৰত জন্ম গ্ৰহণ কৰিছিল ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী তথা কৃষক নেতা চৌধুৰী চৰণ সিঙে। এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে কৃষি আৰু কৃষকৰ স্বাৰ্থত বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। কৃষি ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। যাৰ বাবে প্ৰতি বছৰে ২৩ ডিচেম্বৰ দিনটোত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।

জাতীয় কৃষক দিবস ২০২০: কেন এই দিনটিতেই কৃষক দিবস পালিত হয়? জেনে নেওয়া যাক  | দেশ - News18 বাংলা
চৌধুৰী চৰণ সিঙৰ জন্ম উত্তৰ প্ৰদেশৰ এটা কৃষকৰ পৰিয়ালত হৈছিল। দেশ পৰাধীন হৈ থকা অৱস্থাত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ যুদ্ধতো অংশ গ্ৰহণ কৰিছিল। স্বাধীনতাৰ পাছৰে পৰা তেওঁ কৃষকৰ হিতৰ হৈ কাম কৰা আৰম্ভ কৰে। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সিঙে ভূমি সংস্কাৰ ৰূপায়ণত মুখ্য ভূমিকা পালন কৰিছিল আৰু কৃষকৰ স্বাৰ্থত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

কৃষি কৃষি দিৱস