/asomiyapratidin/media/media_files/2026/02/21/new-ap-web-2026-02-21-16-31-47.jpeg)
ডিজিটেল সংবাদ,ধুবুৰীঃ আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া,সংস্কৃত,বাংলা আৰু হিন্দী বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰে।
/asomiyapratidin/media/post_attachments/6dc92641-8ff.png)
এই আন্তৰ্জাতিক মাতৃভাষা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ভাষাবিদ,সাহিত্যিক তথা হোজাইস্থিত ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী, গুৱাহাটীৰ পৰা অহা বিশিষ্ট সাহিত্যিক অনন্তৰাম মেধি,ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ধ্ৰুৱ চক্ৰৱৰ্তী আৰু বৰ্তমানৰ অধ্যক্ষ কিশোৰ কুমাৰ শ্বাহকে ধৰি বহু গণ্য-মান্য ব্যক্তি,অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী। ইপিনে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° উপেন্দ্ৰ জিৎ শৰ্মাই অনুষ্ঠানৰ সঞ্চালনা কৰে।
/asomiyapratidin/media/post_attachments/f9e28ed5-290.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us