অসমৰ ছয় জনগোষ্ঠীৰ দুই কোটি জনতাৰ বিৰুদ্ধে এগৰাকী বিজেপি মন্ত্ৰীয়ে ষড়যন্ত্ৰ কৰিছেঃ আটাছু...

সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে আজি শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰে ৷ তেওঁ কয় আটাছুৱে সাংবিধানিক ভাৱে জনজাতিকৰণৰ মৰ্য্যদা বিছাৰিছে ৷

author-image
Asomiya Pratidin
New Update
dddddadadadad

ডিজিটেল সংবাদ, শিৱসাগৰঃ সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে আজি শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰে ৷ তেওঁ কয়,  আটাছুৱে সাংবিধানিক ভাৱে জনজাতিকৰণৰ মৰ্য্যদা বিছাৰিছে৷ জনজাতিকৰণ ছয় জনগোষ্ঠীৰ গণতান্ত্ৰিক অধিকাৰ৷ বিজেপিয়ে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিৰ পৰা ক্ৰমান্বয়ে আঁতৰিব ধৰিছে৷

তেওঁ কয়-  বিজেপি চৰকাৰৰ নেতৃত্বাধীন এগৰাকী মন্ত্ৰীৰ নেতৃত্বতেই কালি এটা পক্ষই সোণাপুৰত গণ সমাবেশ পাতি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে ৰণডংকা বজাইছিল৷  ছয় জনগোষ্ঠীৰ ৰাইজক কালিৰ সমাবেশত ঘূচিয়াই মাৰিম বুলি ভাবুকি দিছিল৷ আমি হাত সাৱটি বহি নাথাকিম বুলি তেওঁ হুংকাৰ দিয়ে আটাছুৰ সভাপতিগৰাকীয়ে।

তেওঁ লগতে কয়  যে,  অসমৰ ছয় জনগোষ্ঠীৰ দুই কোটি জনতাৰ বিৰুদ্ধে এগৰাকী বিজেপিৰ মন্ত্ৰীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে৷  মুখ্যমন্ত্ৰীয়ে তাৎক্ষানিক ভাৱে সংশ্লিষ্ট মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক৷ জনজাতিকৰণৰ মৰ্য্যদা নোপোৱা পৰ্য্যন্ত  অসমৰ ছয় জনগোষ্ঠীৰ দুই কোটি জনতা ক্ষান্ত নহয়৷ তেওঁ কয় এই সময় অতি স্পৰ্শকাতৰ৷ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতেই তাৎক্ষণিক ভাৱে জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰক বুলি তেওঁ কয় ৷

শিৱসাগৰ