/asomiyapratidin/media/media_files/2025/10/15/hgfysgfdydgsad-2025-10-15-23-20-46.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসুচীৰ অধীনত বুধবাৰৰ পৰা দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ধঁপাতমুক্ত যুৱ অভিযান ৩.০ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত মানকাচৰ মহাবিদ্যালয়ত আয়োজন কৰা এক শুভাৰম্ভণী কাৰ্যসূচীৰ জৰিয়তে ধঁপাতমুক্ত যুৱ অভিযান ৩.০ সংস্কৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় কুমাৰ চৌধুৰীয়ে।
নৱপ্ৰজন্মৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু তেওঁলোকৰ ধঁপাতমুক্ত জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা উদ্দেশ্যেৰে ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিখন আজিৰেপৰা অহা ৭ ডিচেম্বৰলৈকে জিলাখনত বিভিন্ন সজাগতামুলক কাৰ্যসুচী গ্ৰহণ কৰিব৷ ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসুচীৰ অধীনত জিলাখনত যুৱ সমাজক ধঁপাতমুক্ত কৰাৰ লক্ষ্যৰে ধঁপাতমুক্ত গাঁও সৃষ্টি কৰা আৰু শিক্ষানুষ্ঠান সমূহক ধঁপাতমুক্ত কৰাকে ধৰি বিভিন্ন সজাগতামুলক কাৰ্যসুচী গ্ৰহণ কৰিব৷
মানকাচৰ মহাবিদ্যালয়ত এই ৬০ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানৰ পাছত এখন আই ই চি ভান মুকলি কৰি ভানখনৰ পিছে পিছে স্বাস্থ্য কৰ্মী আৰু মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীক লৈ এক সজাগতামূলক ৰেলী উলিওৱা হয়। ৰেলীত মানকাচৰ মহাবিদ্যালয়ৰ এনএছএছ কৰ্মী সকলো উপস্থিত থাকি ৰেলীত অংশগ্ৰহণ কৰে।
লক্ষণীয় যে, অভিযানৰ শুভ উদ্বোধন অনুষ্ঠানৰ সময়ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক ধঁপাত সামগ্ৰীৰ পৰা দুৰত থকাৰ বাবে সংকল্প পাঠ কৰোৱা হয়। এই কাৰ্যসূচীত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় কুমাৰ চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্বাস্থ্য বিভাগৰ জিলা আঁচনি বিষয়া ৰুফুল আমিন মণ্ডল, সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰফিউল আলম আহমেদ, জিলা ধঁপাত নিয়ন্ত্ৰ্ণ কোষৰ নডেল বিষয়া ডাঃ ৰেজাউল কৰিম সৰকাৰ সহ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যাপক-অধ্যাপিকা সকল উপস্থিত আছিল।