/asomiyapratidin/media/media_files/2025/10/01/new-ap-web-2-2025-10-01-15-28-05.jpg)
ডিজিটেল ডেস্কঃ প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৰহাটত উপস্থিত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে আজি যোৰহটাত উপস্থিত হয় ডি কে শিৱকুমাৰ।
উল্লেখ্য যে, আজি জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিন উপলক্ষে যোৰহাটত ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানতে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ডি কে শিৱকুমাৰে।
প্ৰতিকূল বতৰৰ মাজতো জুবিনৰ হাজাৰ হাজাৰ অনুৰাগী, প্ৰয়াত শিল্পীগৰাকীৰ বন্ধু, গুণমুগ্ধই যোৰহাট ষ্টেডিয়ামলৈ আহি জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। স্মৰ্তব্য, জুবিনৰ শিল্প-কৰ্মৰ আৰম্ভণি হৈছিল এই যোৰহাটৰ পৰাই।
সেয়ে জুবিনৰ মৃত্যুৰ পাছত যোৰহাটতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে দাবী উত্থাপন হোৱাই নহয়, দীঘলীয়া সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদতো লিপ্ত হৈছিল। অৱশ্যে শেষ মুহূৰ্তত জুবিনৰ অসুস্থ পিতৃৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালে গুৱাহাটীৰ কাষতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাত ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰা সোণাপুৰৰ হাতীমূৰাতে শেষকৃত্য সম্পন্ন কৰা হয়।
যোৰহাটবাসীৰ আৱেগৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীয়ে জুবিনৰ আদ্যশ্ৰাদ্ধ যোৰহাটতে অনুষ্ঠিত কৰিব বুলি তেতিয়াই ঘোষণা কৰিছিল। সেই মতেই আজি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামি বৰঠাকুৰকে ধৰি প্ৰায়সকল আত্মীয়, বন্ধুৰ উপস্থিতিত যোৰহাটত আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই আদ্যশ্ৰাদ্ধ বিয়লি ৪-৩০ বজালৈ অব্যাহত থাকিব। অৱশ্যে যোৰহাটলৈ লৈ যোৱা জুবিনৰ ভস্মত ৪ অক্টোবৰলৈকে অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।