/asomiyapratidin/media/media_files/2026/02/24/kjkjkdjdddd-2026-02-24-21-00-16.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত কিছুদিনৰ পৰা এক চক্ৰই সমাজিক মাধ্যমৰ জৰিয়তে TMPKৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলিছে। দুটামান লাইক কমেন্টৰ আশাত ভিত্তিহীন আৰু অশালীন শব্দ প্ৰয়োগ কৰি ৰাইজৰ মাজত সংগঠনটোৰ মান-মৰ্যাদা লাঘৱ কৰাৰ অপচেষ্টা চলাইছে বুলি সংগঠনটোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
একেদৰে TMPKৰ প্ৰাক্তন সভাপতি তথা জোনাইৰ বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধেও এক ৰাজনৈতিক চক্ৰ অপপ্ৰচাৰত নমাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে। প্ৰায় ৬-৭ বছৰৰ আগতে প্ৰকাশিত বাতৰিক নতুনত্বৰ চোলা পিন্ধাই বিধায়কজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰাৰ চক্ৰান্ত কৰিছে।
বিষয়টোক লৈ সংগঠনটোৰ নেতৃত্বই গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি চিলাপথাৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। অসত্য আৰু মুখৰোচক অভিযোগৰ ওপৰত সংগঠনবিৰোধী অপপ্ৰচাৰত লিপ্ত থকা লোকসকলক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে TMPKৰ চিলাপথাৰ জিলা সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us