/asomiyapratidin/media/media_files/2026/02/25/4-2026-02-25-19-54-56.jpg)
ডিজিটেল ডেস্কঃ টীয়কবাসীৰ বাবে সু-খবৰ। টীয়কৰ কলিয়াপানীত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কলিয়াপানীত ৫৮ বিঘা ভূমিত স্থাপন অসম মহিলা বিশ্ববিদ্যালয়। প্ৰায় ২৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈছে এই ভৱন।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/whatsapp-image-2026-02-25-19-55-27.jpeg)
উল্লেখ্য যে- ২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হৈছিল। সেই বছৰতে অসম মহিলা বিশ্ববিদ্যালয় আইন ২০১৩ ৰ যোগেদি যোৰহাটত প্ৰতিষ্ঠা কৰা হয় এই বিশ্ববিদ্যালয়খন ৷ ২০১৪ চনৰ ১১ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আনুষ্ঠানিক উদ্বোধন কৰিছিল এই বিশ্ববিদ্যালয়ৰ। অসমৰ এইখনেই প্ৰথম মহিলা বিশ্ববিদ্যালয়।
২০১৯ চনৰ ১২ ছেপ্টেম্বৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অধ্যাপক ড° মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে। ৰাজ্যৰ নাৰী শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে অসম চৰকাৰে স্থাপন কৰিছিল অসম মহিলা বিশ্ববিদ্যালয়। যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত টীয়কৰ কলিয়াপানীত অসম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিলে। ইয়াৰ সমান্তৰালভাৱে যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰো প্ৰতিষ্ঠা হ'ল। এই দুয়োখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/whatsapp-image-2026-02-25-19-55-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us