/asomiyapratidin/media/media_files/2025/11/06/1-2025-11-06-18-10-18.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাই মুহিত কৰিছে ৰাজ্যবাসীক। নগাঁও জিলাৰ ৰহাৰ নিকটৱৰ্তী বাৰপূজীয়াতো বুধবাৰে অনুষ্ঠিত হ'ল ৰাস উৎসৱ। বাৰপূজীয়া ৰাধে-কৃষ্ণ তিৱা মহিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীকৃষ্ণ ৰাসলীলা উৎসৱত বুধবাৰে দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিলে বাৰপূজীয়া।
স্থানীয় শতাধিক তিৱা মহিলা, জীয়াৰী,বোৱাৰীয়ে অংশ ল'লে ৰাস লীলাত। কোনোৱে লৈছে শ্ৰীকৃষ্ণ ভাৱ, কোনোৱে লৈছে শংখচূড় ভাৱ। কোনোৱা জীয়ৰী যদি ৰাধা, কোনোবা মাতৃ আকৌ গোপীৰ বেশত খোলৰ তালে তালে ককাল ভাঙি অভিনয় কৰিলে ৰাস লীলাত।
মহাপুৰুষ শংকৰদেৱৰ সৃষ্ট কেলি গোপাল নাটকৰ ৰাসলীলাৰ এই মনোমোহা বৃন্দাৱনৰ কৃষ্ণৰ গোপী সহিতে ভক্তি ৰসত বুৰ গ'ল সকলো। শিশু কৃষ্ণৰ পৰা আৰম্ভ কৰি শিশু গোপীৰ ভাৱলৈকে অংশ লৈছে বহুতে। মুঠতে ভগৱন্ত কৃষ্ণৰ কাম জয় ক্ৰীড়াত ৰংগ মনেৰে সকলোৱে উবুৰি খাই পৰিছে।
চলিত বৰ্ষত নৱম বৰ্ষত উপনীত হোৱা বাৰপূজীয়া ৰাধে-কৃষ্ণ মহিলা সমিতিৰ ব্যতিক্ৰম হ'ল ৰাস মহোৎসৱৰ উদযাপনৰ বাবে সকলোবোৰ কাম মহিলাৰ দ্বাৰাই ব্যৱস্থাপনা কৰা হয়। বুধবাৰে কেলি গোপাল নাটক আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ প্ৰাণৰ শিল্পী ড০ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে একে মুখে পৰিবেশন কৰিলে "মানুহে মানুহৰ বাবে" আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ "মায়াবিনী ৰাতিৰ বুকুত"।
যিটো সময়ত ধৰ্মীয় অনুষ্ঠানবোৰত মহাপুৰুষ গুৰু দুজনাৰ ঘোষাৰে শুভ কামবোৰৰ আৰম্ভণি হৈছিল, কিন্তু তাৰ বিপৰীতে প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে আৰু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত -গীতে স্থান পালে প্ৰাৰ্থনা গীত হিচাপে।
মন কৰিবলগীয়া যে, বাৰপূজীয়া ৰাধে-কৃষ্ণ তিৱা মহিলা সমিতিৰ উদ্যোগত বৃহস্পতি বাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই স্থানীয় ভাৱে আয়োজন কৰিছে জুবিন গাৰ্গ সোঁৱৰণি এক সংগীতানুষ্ঠান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us