বৰ্ণিল চাৰিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল তিৱা মাথনলাই তখ্ৰা…

বৰ্ণিল চাৰিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল তিৱা মাথনলাই তখ্ৰা…

ডিজিটেল সংবাদ, বেবেজীয়াঃ তিৱা ভাষা অসমৰ এটা প্ৰাচীন ভাষা ৷ সাহিত্য সৃষ্টি হয় প্ৰকৃতিৰ পৰা , প্ৰকৃতিৰ বিভিন্ন উপাদানৰ পৰা সাহিত্যই গজালি মেলে ৷ আৰু সেই সাহিত্যই জাতি জনগোষ্ঠীৰ সাহিত্যক সমৃদ্ধ কৰে ৷ ভাষা সাহিত্যৰ আন এটা ভেটি হ'ল লৌকিক পৰম্পৰা ৷ এই মন্তব্য কৰে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আজি বাৰপূজীয়াৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত চাৰিদিনিয়া কাৰ্যসূচীৰে গুঞ্জৰিত হৈ থকা তিৱা সাহিত্য সভাৰ অন্তিম দিনৰ মুকলি সভাত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মূখ্য অতিথিৰ ভাষণত তিৱা সাহিত্য সভাৰ বৰেণ্য ব্যক্তি সকলৰ লগতে ৪২ ৰ শ্বহীদ হেমৰাম পাটৰ , গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ স্মৰণ কৰি তিৱা সকলৰ বৰেণ্য বীৰ পুৰুষ জোঙালবলহু গড়ক্ষেত্ৰক পৰ্যতন স্থলীলৈ ৰূপান্তৰ কৰিৱলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা ধাৰ্য কৰা কথা প্ৰকাশ কৰে ৷

মূখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে সাহিত্যৰ সৃষ্টি হৈছে ধৰ্ম আৰু বিশ্বাসৰ উপৰত ৷ ধৰ্মৰ পৰা যদি জনজাতি সকলক আতৰাই দিয়া হয় তেনেহলে জনগোষ্ঠীয় জাতি সমূহ নিশেঃষ হৈ যাৱ ৷ তিৱাকে ধৰি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ভাষা সাহিত্য বিকাশ হ'লেহে অসমীয়া সাহিত্যৰ বিকাশ হ'ব। জনগোষ্ঠীসমূহে নিজৰ বিশ্বাস পৰম্পৰাৰ পৰা আতৰি আহিলে জাতিৰ মৌলিকতা নাথাকিব বুলি মন্তব্য কৰি ধৰ্মান্তৰকৰণেও জনগোষ্ঠীসমূহৰ মৌলিকতাত আঘাত হানিছে বুলি মন্তব্য কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে পঞ্চম শ্ৰেণীলৈ নিজ নিজ জনগোষ্ঠীয় ভাষাত শিক্ষা দিয়া হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল্ট, ব্লকসমূহ সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰিব বুলিও মন্তব্য কৰে ৷ আনহাতে অসমৰ ভুমি অধিকাৰ আইন সংসোধন কৰি জনজাতীয় লোক সকলৰ যিমান ভূমি আছে সিমান ভূমি অধিকাৰ দিয়া হৱ বুলি প্ৰকাশ কৰে মূখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জনগোষ্ঠীটোৰ সামগ্ৰীক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায়৷ লগতে বিমায়ক গৰাকীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত তিৱা সকলৰ বাদে আন জনগোষ্ঠীৰ একাংশই সংগ্ৰাম নকৰাকৈ কিছুলোকে ঘৰতে বহি মুক্তিযোদ্ধাৰ সন্মান আৰু সুবিধা লাভ কৰি আছে বুলি প্ৰকাশ কৰে ৷

তিৱা সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° বিদ্যুত বিকাশ সেনাপতিয়ে আত ধৰা এই মুকলি সভাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি ৰমাকান্ত দেউৰী , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ , ৰহা বিধান সভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস , অসম চৰকাৰৰ বিত্ত সঞ্চালক হেমন্ত কুমাৰ দেউৰী , নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিৱৰেই , তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লালচিং মাদাৰ , তিৱা সাহিত্য সভাৰ সভিপতি দীপেন্দ্ৰ নাথ বৰদলৈ , মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা , বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে চাৰিদিনীয়া তিৱা সাহিত্য সভাৰ সফল সামৰণি পৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in