বাৰপূজীয়াত তিৱা পিচু উৎসৱৰ বিহুতলীত উখল-মাখল পৰিৱেশ

নগাঁও মৰিগাঁও জিলাৰ উপৰিও পশ্চিম কাৰ্বি আংলং জিলাৰ আমচাই পিনুঙৰ তিৱা কৃষ্টি দলকে ধৰি বিভিন্ন সাংস্কৃতিক দলে তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ নৃত্য গীত বাদ্যৰে তিৱা পিচু উৎসৱৰ বিহুতলী মুখৰিত কৰি তোলে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল  সংবাদ,বেবেজীয়াঃ ভোগৰ উৎসৱ ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাঘৰ পহিলা দিনটোতে উজ্জ্বলি উঠিল তিৱা পিচু উৎসৱৰ জনগোষ্ঠীয় নৃত্য গীতেৰে বাৰপূজীয়াৰ '৪২ ৰ ছহিদ হেমৰাম পাটৰ ক্ষেত্ৰ । মাঘৰ হাড় কঁপোৱা শীতকো নেওচি পুৱাৰ পৰা নগাঁৱৰ বাৰপূজীয়াৰ ৪২ ৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত উখল মাখল পৰিৱেশত তিৱা জনগোষ্ঠীয় সাজ পাৰেৰে সুশোভিত আবাল বৃদ্ধ বণিতাৰ পৰা ডেকা গাভৰুৰ লগতে কিশোৰ কিশোৰীলৈকে উদুলি মুদুলি হৈ পৰে তিৱা পিচু উৎসৱৰ বিহুতলী ।

নগাঁও মৰিগাঁও জিলাৰ উপৰিও পশ্চিম কাৰ্বি আংলং জিলাৰ আমচাই পিনুঙৰ তিৱা কৃষ্টি দলকে ধৰি বিভিন্ন সাংস্কৃতিক দলে তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ নৃত্য গীত বাদ্যৰে তিৱা পিচু উৎসৱৰ বিহুতলী মুখৰিত কৰি তোলে । তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতি বাপূজীয়াৰ সৌজন্যত অনুষ্ঠিত হোৱা ত্ৰয়োবিংশ বাৰ্ষিক তিৱা পিচু উৎসৱৰ আজি পুৱা ১১ বজাত তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিৰ পতাকা উত্তোলন কৰে তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিৰ সভাপতি দুলেন চন্দ্ৰ দেউৰীয়ে । তিৱা জাতীয় সংগীত পৰিবেশ কৰে তিৱা ভাষা সংস্কৃতি চৰ্চা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলে ।

WhatsApp Image 2026-01-15 at 9.18.34 PM (1)

 ১১-২০ বজাত স্মৃতি তৰ্পণ কৰে তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিৰ উপদেষ্টা ফাইন চন্দ্ৰ ডেকা ডেকাৰজাই । ১১.৩০ বজাত প্ৰয়াত প্ৰবীণ চন্দ্ৰ কোঁৱৰ সোঁৱৰণি দ্বাৰ উন্মোচন কৰে পুত্ৰ দুলেন চন্দ্ৰ কোঁৱৰে । পৰৱৰ্তী তিৱা পিচু উদ্বোধন কৰে সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যাপক জয়ন্ত কুমাৰ মান্তাই। তাৰ পাছতে তিৱা সাংস্কৃতিক দলসমূহ ক্ৰমে এনাজৰী তিৱা কৃষ্টি দলে খাংছি মিছাৱা, খৰলা পিছু মিছাৱা, অম্ৰাৱতী তিৱা কৃষ্টি দলে নখাচাঙা মিছাৱা, মনালিছা তিৱা কৃষ্টি দলে লাংখন মিছাৱা, দৰঙীগাও তিৱা কৃষ্টি দলে মাইৰাবা মিছাৱা, বাংথাই তিৱা কৃষ্টি দলে লালি- হিলালি গীত-নৃত্য, চটাবড়ি তিৱা কৃষ্টি দলে লালি হিলালি গীত-নৃত্য, বৰাগাঁও ডেকাপাম কৃষ্টি দলে বৰতৰ বিনন্দীয়া নৃত্য,কহিগুৰি তিৱা কৃষ্টি দলে আৰু বাৰখেলৰ জেলা সকলে বিভিন্ন তিৱা নৃত্য- গীত পৰিৱেশন কৰে । 

কাৰ্বি আংলঙৰ আমচাই পিনুং তিৱা কৃষ্টি দলে ছগ্ৰা মিছাৱা, য়াংলি মিছাৱা, খৌকাবি কানখা মিছাৱা, আৰু সিধাবাৰী তিৱা কৃষ্টি দলে বৰত নৃত্য আৰু জাকৈ মৰা নৃত্য আদি পৰিৱেশন কৰে । উল্লেখ যে,বাৰেৰহণীয়া, তিৱা লোক গীত-বাদ্য অনুষ্ঠানটিত তিৱা ভাষাৰ গৱেষক-- সাহিত্যিক ড বিদ্যুত সেনাপতিয়ে  আত ধৰি  পৰিচালনা  কৰা  অনুষ্ঠানটিত  অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব হেমন্ত দেউৰী, অগপ কেন্দ্ৰীয় নেতা বিষ্ণু দাস , তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লালচিং মাদাৰ, দুলেন  দেউৰী,  ৰহিন  বাংঠাই,  বলীন্দ্ৰ ডেকাৰজা, সত্যজিত পাটৰ, প্ৰবিত্ৰ  লৰ,  যতীন দাস কে ধৰি বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আৰু  গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

WhatsApp Image 2026-01-15 at 9.18.35 PM (1)

প্ৰণিধানযোগ্য যে, ইতিহাস প্ৰসিদ্ধ পাঁচো পোৱালি ৰজাৰ দিনৰ পৰা প্ৰচলিত বৰ্তমান তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাঘবিহুটো সম্পূৰ্ণ সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ । একমাত্ৰ মাঘবিহুটোকে বিহু অৰ্থাৎ পিচু বুলি গণ্য কৰা হয় । তিৱাসকলে মকৰ সংক্ৰান্তিৰ আগদিনা পথাৰত মেজি সাজি নিশাটো নতুন চাউলৰে তৈয়াৰ কৰা মদ আৰু ভিন্ন মুখৰোচক খাদ্য দ্ৰব্য গ্ৰহণ কৰি  পুৱাতেই বাৰোৱাৰী ভাবে নিৰ্মাণ কৰা মেজিত উপস্থিত হৈ আৰাধ্য দেৱতাক পূজা অৰ্চনা কৰি মেজি জ্বলাই দিয়ে । তাৰ পাছ দিনাৰে পৰাই তিৱা সকলে  স্বকীয় পৰম্পৰাৰ  বৈশিষ্ট্যৰ গীত-নৃত্য,  খেল ধেমালি আদি প্ৰাকৃতিক পৰিবেশত  অনুষ্ঠিত কৰি আনন্দ উপভোগৰ লগতে ঐক্য সমন্বয়ৰ এনাজৰী ডাল কটকটীয়া কৰি বান্ধি ৰাখিছে । 

পূৰ্বৰ পৰম্পৰা অনুসৰি আজি মাঘৰ ১ তাৰিখে পুৱাৰ পৰা নিশালৈকে '৪২ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰ তথা ঐতিহাসিক  'কৰাই খোৱা '  পথাৰত বৰ্ণিল সংস্কৃতিয়ে  উদযাপিত হৈছে তিৱা পিচু উৎসৱ । শীতকো নেওচি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে লোকে লোকাৰণ্য হৈ পৰাটো তিৱা পিচুৰ অন্যতম এক ধনাত্মক দিশ আছিল। 

তিৱা পিচু