আজি মধ্য অসমৰ তিৱা সকলৰ মাঘ বিহুৰ উৰুকা...

মধ্য অসমৰ অন্যতম  জনগোষ্ঠী তিৱা লোক সকলে সকলে সকলে আজিৰ পৰা উদযাপন কৰিছে  মাঘ বিহু। মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা ( পিচু) আৰু বুধবাৰে মাঘ বিহু পালন কৰে।

author-image
Asomiya Pratidin
New Update
bujkkdd

ডিজিটেল ডেস্কঃ  মধ্য অসমৰ অন্যতম  জনগোষ্ঠী তিৱা লোক সকলে সকলে সকলে আজিৰ পৰা উদযাপন কৰিছে  মাঘ বিহু। মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা ( পিচু) আৰু বুধবাৰে মাঘ বিহু পালন কৰে।

4a5d4cc8-bd1f-4228-8a8d-7b553373662e

তিৱা সকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্যেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্রস্থল কঠীয়াতলিৰ অঞ্চলৰ তিৱা সকলৰ মাজত চলিছে ব্যাপক আয়োজন। 

প্ৰতি বছৰে তিৱা সকলে ভোগালী বিহুৰ দিনা কঠীয়াতলি বুকলুঙত (তিগ্ৰম )বিলত পৰম্পৰা অনুযায়ী মধ্যে অসমৰ নগাঁও, জিলাৰ কঠীয়াতলী অঞ্চলৰ শ শ ৰাইজ লগ হৈ একেলগে মাছ ধৰাৰ পৰম্পৰা আছে। ব্যতিক্ৰম নহ'ল এইবাৰো।

6cd01d36-5226-456c-a452-96a14d11503c

উৰুকাৰ দিনাখন ঢোলে ডগৰে নাচি বাগি হাতে হাতে জাকৈ, জাল, পল আদি লৈ মাংগলিক কাৰ্যসূচীৰ মাজেৰে বুকলুঙ বিলত নামি সমূহীয়াকৈ মাছ ধৰে তিৱা সম্প্ৰদায়ৰ লগতে সকলো সম্প্ৰদায়ৰ লোকসকলে।আনফালে মেজি ঘৰৰ তলত ৰাজহুৱা ভাৱে আয়োজন কৰিছে ভোজ ভাতৰ।

নগাওঁ