মধুপুৰ সত্ৰত মাধৱদেৱৰ তিথি পালন

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪৩২সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্য্যসূচীৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত বিস্তৃতভাৱে পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
331

ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪৩২সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্য্যসূচীৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত বিস্তৃতভাৱে পালন কৰা হয়। শুকুৰবাৰে পুৱা প্ৰভাত বন্দনাৰ জৰিয়তে তিথিৰ আৰম্ভণি কৰাৰ পিছত ভাগৱৎ পাঠ, নাম প্ৰসংগ অনুষ্ঠিত হয়। আবেলি অনুষ্ঠিত হোৱা আইসকলৰ নাম পৰিৱেশনৰ দ্বাৰা তিথিৰ সামৰণি পৰে।

তিৰোভৱ তিথিৰ কাৰ্য্যসূচীত উত্তৰ বংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ শতাধিক ভকতৰ লগতে মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকত, ড⁰ কেশৱ দাসৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও ভকত উপস্থিত থাকে। তিথিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰপেটা সত্ৰৰ সত্ৰীয়া সাধক উদ্ধৱ চন্দ্ৰ দাসে মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সত্ৰীয়া পৰিক্ৰমাৰ উপৰত অৰ্থবহ বক্তব্য প্ৰদান কৰি অনুষ্ঠানটোক অধিক প্ৰাণৱন্ত কৰি তোলে।

এই সন্দৰ্ভত মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগন্ত বায়নে এটা বিবৃতিযোগে জানিবলৈ দি কয় যে, সম্প্ৰতি মধুপুৰ সত্ৰ সমিতিৰ সদস্য সচিব হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা ধুবুৰী জিলাৰ আয়ুক্তগৰাকীয়ে গুৰু দুজনৰ তিথি আদি পালনৰ ক্ষেত্ৰত দেখুওৱা অনীহা আৰু অৱহেলাই আয়ুক্তগৰাকীয়ে নিজকে বিভিন্ন সভা সমিতিত এগৰাকী নিভাজ অসমীয়াৰ সন্তান বুলি পৰিচয় দিয়া কাৰ্য্য অতি  গৰিহণাৰ যোগ্য।

মাধৱদেৱ তিথি