/asomiyapratidin/media/media_files/2026/01/23/1-2026-01-23-09-49-03.jpg)
ডিজিটেল সংবাদ,বেকাজানঃ সংঘাত নহয় ,এতিয়া অসম-নাগালেণ্ড সীমান্তত সমন্বয়ৰ এনাজৰীৰে সাতামপুৰুষীয়া সম্প্ৰীতি গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰা হ'ল পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৬। যোৰহাট জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী তিতাবৰৰ বান্দৰচলিয়া আৰু নগালেণ্ডৰ চাংপাঙৰ আগহাট্টিতু মিলনস্থলী পাহাৰৰ নামনিত প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ এক মুকলি মঞ্চত বৃহস্পতিবাৰৰ পৰা তিনিদিয়াকৈ অনুষ্ঠিত হৈছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ।
'পাদদেশীয় সমন্বয় মঞ্চ'ৰ উদ্যোগত আৰু 'উত্তৰ-পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চ'ৰ সহযোগত অনুষ্ঠিত হোৱা 'চতুৰ্থ সংখ্যক পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ'ৰ নাট মঞ্চ উদ্বোধন কৰে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট আবৃত্তিকাৰ যোগানন্দ বড়াই। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, নগালেণ্ডৰ বিশিষ্ট সমাজকৰ্মী কে খেহুটু শ্বু , সাংস্কৃতিক কৰ্মী ভি ভিকহু ছিছি এন ঈবাংগু চৌবি , অসমৰ সাংস্কৃতিক কৰ্মী শৰৎ কুমাৰ গগৈ, শিল্পী তথা লেখক যাদৱ হাজৰিকা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-2026-01-23-09-46-25.jpeg)
নাট মহোৎসৱ উপস্থিতি থাকি ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে এই 'পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ'ৰ জৰিয়তে অসমীয়া আৰু নগাৰ মাজত সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি ৰাখিব বুলি আশা কৰে। উল্লেখযোগ্য যে,পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ প্ৰথম দিনা গনেশ গগৈৰ জেৰেঙাৰ সতী আৰু মহিম বৰাৰ দেওলগা মাছ নাটক দুখন মঞ্চস্থ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-2026-01-23-09-47-37.jpeg)
ইপিনে আজি নাগালেণ্ডৰ জৌ থিয়েটাৰ ডিমাপুৰ নাট্য দলে দ্য ট্ৰেজেডি অফ লান্স পেক, বিনয় শইকীয়াৰ চেলফি আৰু দেৱজিত ৰাজখোৱাৰ আকাশ চুবৰ মন নাট মঞ্চস্থ হ'ব। পাহাৰৰ নামনিবাঁহৰ চাঙত বহি মুকলি মঞ্চত মঞ্চস্থ কৰা নাটক চাবলৈ নাগালেণ্ড আৰু অসমৰ দৰ্শকসকল হিলদল ভাঙি আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us