তিতাবৰত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি-ক্ৰিছিল ফাউণ্ডেচনৰ মই প্ৰগতি আঁচনিৰ অধীনত কমিউনিটী এংগেজমেন সজাগতা সভা...

তিতাবৰৰ মাধপুৰ পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ক্ষুদ্র বিত্তীয় প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিছিল ফাউণ্ডেচনৰ উদ্যোগত মই প্ৰগতি আঁচনিৰ অধীনত কমিউনিটী এংগেজমেন সজাগতা

author-image
Asomiya Pratidin
New Update
4451eb56-00f5-443e-a170-d3108830ca80

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ মাধপুৰ পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ক্ষুদ্র বিত্তীয় প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিছিল ফাউণ্ডেচনৰ উদ্যোগত মই প্ৰগতি আঁচনিৰ অধীনত কমিউনিটী এংগেজমেন সজাগতা সভা অনুষ্ঠিত হয়। সম্প্ৰদায়ৰ সংযোগ সজাগতা  সভাখনি মুখ্যতঃ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ উদ্দেশ্যৰে  আয়োজন কৰা হৈছে । সম্প্ৰদায়ৰ সংযোগ সজাগতা সভাখন প্ৰগতি সখীসকলে পৰিবেশন কৰা  ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভ হয়।

আনহাতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তিতাবৰ ব্লকৰ ক্ষেত্ৰ পৰিচালক নৱনীতা দত্তই। ইয়াৰ পিছত   ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ ক্ষেত্ৰ প্ৰৱন্ধক মুস্তাফা আহমেদে কয়--- আজিৰ এই সজাগতা সভাখন তিতাবৰ উন্নয়ন খণ্ডৰ প্ৰগতিসকল আৰু বিভিন্ন ক্ষেত্ৰৰ ষ্টেকহল্ডাৰ সৈতে যোগসূত্ৰ স্থাপন কৰা।

যাতে মই প্ৰগতি আঁচনিৰ জৰিয়তে গাঁৱৰ দুখীয়া মহিলাসকলক বিভিন্ন দিশত স্বাবলম্বী কৰি তোলা। ক্ৰিছিল ফাউণ্ডেচনে ২০২৩ চনত উজনি অসমৰ ৪খন জিলাক সামৰি মই প্ৰগতি আঁচনি ৰূপায়ণ কৰি থকা হৈছে। তেওঁ  তিতাবৰ উন্নয়ন খণ্ডৰ সখীসকলৰ সহযোগত  এই আঁচনিত অন্তভুক্ত সখীসকলক বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত চিনাকী কৰাই দিয়াৰ লগতে বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰাই নিজৰ লগতে অঞ্চলৰ লোকসকলকো  আগবঢ়াই নিবলৈ আহবান জনায়।

 সজাগতা  সভাত ,এছ বি আই লাইফৰ উন্নয়ন বিষয়া নয়ন বৰুৱা,অৰুণোদয় কেন্দ্ৰৰ ৰঞ্জিত হাজৰিকা,আদিত্য বিৰলা স্বাস্থ্য বীমাৰ অভিকৰ্তা অভিষেক বৰঠাকুৰ, ক্ষেত্ৰ পৰিচালক নৱনীতা দত্ত উপস্থিত থাকি বক্তব্য দাঙি ধৰে। সভাত বিভিন্ন পঞ্চায়তৰ প্ৰায় ৭০গৰাকী সখীৰ লগতে আত্মসহায়ক গোটৰ ভালেসংখ্যক মহিলা উপস্থিত থাকে।

উল্লেখযোগ্য যে   ২০১৩ চনৰ মাৰ্চ মাহত স্থাপন কৰা  ক্ৰিছিল ফাউণ্ডেশ্যনে কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অসমৰ ১৪ খন জিলাত মই প্ৰগতি কাৰ্যসূচীৰ অধীনত  বিত্তীয় সাক্ষৰতা আৰু অন্তৰ্ভুক্তিক প্ৰসাৰ কৰা, ডিজিটেল বিত্তীয় সাক্ষৰতা আৰু মঞ্চসমূহক প্ৰসাৰ কৰা, সম্প্ৰদায় পৰ্যায়ৰ সংগঠনসমূহক শক্তিশালী কৰা', গ্ৰাম্য জীৱিকা আৰু ক্ষুদ্ৰ উদ্যোগক প্ৰসাৰ কৰা, নতুন আঁচনি আৰু সেৱা চিনাক্ত কৰি সমাজৰ মাজত প্ৰচাৰ কৰা , সমাজত সজাগতা সৃষ্টি কৰা, অংশীদাৰ আৰু সম্প্ৰদায়ক সংগঠিত কৰি শিবিৰ আয়োজন কৰা, নতুন সখী চিনাক্ত কৰি প্ৰশিক্ষণ প্ৰদান কৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।