/asomiyapratidin/media/media_files/2025/08/11/titabor-11-2025-08-11-14-57-37.jpg)
ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ দুই ভাতৃৰ বিৰুদ্ধে প্ৰায় দুই কোটি টকাৰ প্ৰৱঞ্চনাৰস এক গুৰুতৰ অভিযোগ উঠিছে। জানিব পৰামতে তিতাবৰৰ লাইট নচুঙী গাঁৱৰ জগত বৰা আৰু নিপন বৰা নামৰ দুই ভাতৃয়ে মাধপুৰ, ডাঙধৰা, বৰপাছী, শদিয়াল, ৰজাবাহৰ আৰু বৰহোলা অঞ্চলৰ প্ৰায় পঞ্চাশগৰাকী খেতিয়কৰ পৰা প্ৰায় ২ কোটি টকাৰ ধান সংগ্ৰহ কৰিছিল।
জগত বৰা আৰু নিপন বৰাই কৃষকসকলক এমাহৰ পিছত ধানৰ বিনিময়ত ধনখিনি আদায় দিয়াৰ কথা আছিল যদিও ধন আদায় নিদি অতি গোপনে ঘৰ এৰি পলায়ন কৰে। বিগত পাঁচ মাহ ধৰি গাঁৱৰ খেতিয়কসকলে খেতি কৰিবলৈ নিজৰ প্ৰাপ্য ধন বিচাৰি মোবাইলত যোগাযোগ কৰিব বিচাৰিলেও প্ৰবঞ্চক ভাতৃয়ে ছুইচ অফ কৰি দিয়ে।
কিন্তু দেওবাৰে পলায়ন কৰি থকা জগত বৰাৰ মাতৃগৰাকী ঘৰলৈ অহা গম পাই কৃষকসকলে তেওঁৰ বাসগৃত উপস্থিত হৈ ঘেৰাও কৰে আৰু জগত বৰা আৰু নিপন বৰাক উলিয়াই দিবলৈ দাবী জনায়। ফলত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
এই ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলিত তিতাবৰৰ মাধপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জানিব পৰামতে জগত বৰা আৰু নিপন বৰাই বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে বেংকে ঘৰটো অধিগ্ৰহণ কৰিবলৈ অহাৰ কথা।
সেয়ে প্ৰবঞ্চনা কৰি আত্মগোপন কৰি থকা জগত বৰাৰ মাতৃয়ে গোপনে ঘৰৰ কাপোৰ কানি নিবলৈ আহিছিল। ৰাইজে মাতৃগৰাকী অহাৰ খবৰ পাই ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ইতিমধ্যে প্ৰবঞ্চিত পঞ্চাশগৰাকী কৃষকে মাধপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰি জগত আৰু নিপন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ধানৰ বাবদ পাব লগা প্ৰাপ্য ধন উলিয়াই দিবলৈ আৰক্ষীক দাবী জনাইছে।