/asomiyapratidin/media/media_files/2026/01/12/hsididksjnkldsjnd-2026-01-12-08-48-13.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তিতাবৰৰ জালুকনিবাৰীৰ বীৰপাল ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰে।
দেওবাৰে পুৱা সমাৰোহৰ তৃতীয় দিনা বাৰেৰহনীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে --অসম চৰকাৰৰ কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই। বিয়লি মুকলি সভা উদ্বোধন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি বিবুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
ভাষণ মুখ্যমন্ত্ৰী শৰ্মাই কয়, চুতীয়া জাতিৰ সমৃদ্ধময় সাংস্কৃতিক সম্ভাৰৰ সৈতে একাত্ম হবলৈ বীৰপাল ক্ষেত্ৰত উপস্থিত ৰাইজৰ প্ৰতিও মই সেৱা নিবেদন কৰিছো বহু ঐতিহাসিক ঘটনাৰাজি আৰু বীল বীৰাংগনাৰ কালজুৰি ইতিহাস জাতিটো পুৰোধা ব্যক্তিলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ গুৰুত্বপূৰ্ণ অধ্যয়নৰ অধ্যায়ৰ ধাৰক আৰু বাহক চুতীয়াত জাতি প্ৰচুৰ প্ৰতিভা আৰু সম্ভাৱনাৰে পূৰ্ণ সদৰ চুতীয়া জাতীয় ধৰি জনগোষ্ঠীটো জাতীয় সংগঠনসমূহে এই শক্তি আৰু সামৰ্থ্যক শৃংখলাবদ্ধভাৱে আগুৱাই নিবৰ বাবে বিগত বহু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে আজি সাংস্কৃতিক সমাৰোহৰ অতিথি হিচাপে উপস্থিত থাকি আনন্দিত হৈছো।
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, অসমৰ ৰাজনৈতিক সামাজিক ইতিহাসত চুতীয়াসকলৰ পৰ্বত সমান বৰঙণি থকাৰ পিছতো চুতীয়াসকল বহু ক্ষেত্ৰত নিজকে শোষিত আৰু পিছ পৰি থকা বুলি অনুভৱ কৰে। কিন্তু বৰ্তমান চৰকাৰে এই ধাৰণা বদলাই চুতীয়া জাতিক অসমৰ বিকাশৰ আৰু অগ্ৰগতিৰ সমানে অংশীদাৰ হিচাপে গঢ়ি তোলাতো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেইবাবে যোৱা কেইবছৰত আমি চুতীয়া জনগোষ্ঠীৰ সামাজিক কাম কৰা বহু সংগঠনৰ সৈতে নিৰৱছিন্নভিৱে কাম কৰি আহিছো। আপোনালোকক জনাবলৈ পাই মই আনন্দিত হৈছো যে অচিৰেই যোৰহাটত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি দৰে সতী সাধনীৰো এটা বিশাল প্ৰতিমূৰ্তি আৰু প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰকল্পৰ বাবে মাটি চিনাক্ত কৰা পিছতে প্ৰকল্পৰ কাম আৰম্ভ কৰা হ'ব।
তেওঁ লগতে কয়, চুতীয়া জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সুনিশ্চিত কৰিবলৈ অসম চৰকাৰ মন্ত্ৰীগোটে ইতিমধ্যে চুতীয়া জাতি জনজাতিৰ মৰ্য্যদা বাবে দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰস্তাৱ অনুমোদনৰ বাবে খুব সোনকালে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। আনহাতে ইয়াৰ সমান্তৰালভাৱে চুতীয়াসকলে জনজাতিকৰণৰ মৰ্যদা নোপোৱালৈকে চাকৰি আৰু শিক্ষানুষ্ঠানত ২৯% সংৰক্ষণৰ সুকীয়া ব্যৱস্থা থাকিব। ৰাজ্য চৰকাৰে এতিয়াৰে পৰা পঞ্চায়ত আৰু নগৰ পিলিকাত অনুসূচিত জনজাতীয় সম্প্ৰদায়ৰ দৰে চুতীয়া সকলৰ সুকীয়া সংৰক্ষণৰ ব্যৱস্থা বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিয়ে চুতীয়া সকলক ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিনিধিত্ব সুনিশ্চিত কৰিব। আৰু জনগোষ্ঠীটোক আগবঢ়াই লৈ যাব। চুতীয়া সকলৰ প্ৰাচীন সাংস্কৃতিক সামাজিক আৰু প্ৰত্নতাত্বিক সম্পদ আৰু সমলসমুহ সংৰক্ষণৰ প্ৰতি চৰকাৰ সংকল্পবদ্ধ।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, বগীবিল দলঙখনৰ নিৰ্মাণ সময়ত ইয়াৰ নামাকৰণ সতী সাধনীৰ নামত নামাকৰণ কৰিবলৈ দাবী উঠিছিল যদিও সেই সময়ত চৰকাৰে দাবী মানি ল'ব পৰা নাছিল। কিন্তু মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে বগীবিলতকৈ ডাঙৰ প্ৰকল্প সতী সাধনীৰ নামত দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। টেকনিকেল কাৰণ আজি ঘোষণা কৰিব খোজা নাই। খুব সোনকালে এই ভাল খবৰটো শুনিবলৈ পাব। অসমৰ প্ৰাচীন জাতি হিচাপে চুতীয়াসকলৰ বহু অধিকাৰ আছে। কিন্তু আমি অসমীয়া সমাজে চুতীয়া সকলক সিমান স্বীকৃতি দিয়া নাই। কিন্তু মই আজি গৌৰৱেৰে কওঁ মোৰ মন্ত্ৰী সভাত দুজন চুতীয়া জাতিৰ মন্ত্ৰী বিমল বৰা আৰু অতুল বৰা আৰু বোৱাৰী হিচাপে অজন্তা নেওগ আছে। গতিকে চুতীয়া জাতি বিকাশ আৰু উন্নয়ন বাবে চৰকাৰে কাম কৰি যাব। এই সাংস্কৃতিক সমাৰোহত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ,বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভাস্কৰজ্যোতি বৰুৱা উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us