/asomiyapratidin/media/media_files/2026/01/31/37-2026-01-31-22-47-55.jpg)
ডিজিটেল সংবাদ, বেকাজান : সহস্ৰাধিক ভকত বৈষ্ণৱৰ হৰি নামৰ ধ্বনি আৰু পদধূলাৰে আজি এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠত পৰিণত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বাৰ্ষিক অধিবেশন। বৰহোলা আঞ্চলিক শাখাৰ আতিথ্যত সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণদাস সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা তিতাবৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ত্ৰয়োবিংশতিতম বাৰ্ষিক অধিবেশনখন হৰিনামৰে মুখৰিত হৈ পৰে ।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা তিতাবৰ জিলাৰ শতাধিক প্ৰাথমিক আৰু আঞ্চলিক শাখাৰ সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতিতম বিংশতিম বাৰ্ষিক অধিৱেশনৰ পুৱা মূল তোৰণ উদ্বোধন কৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত বৰাই। ইয়াৰ পিছত পতাকা বেদী আৰু মণ্ডপ উদ্বোধন কৰে সদৌ অসম মইনা পাৰিজাতৰ প্ৰচাৰ সম্পাদক ৰবীন মহন্তই।
সেৱা বাহিনীৰ শিবিৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিকৰ সভাপতি মহেন্দ্ৰ শইকীয়াই। গ্ৰন্থমেলাৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিকৰ সভাপতি বিজয় হাজৰিকাই। অধিবেশনৰ মূল মঞ্চ উদ্বোধন কৰে বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ খাউণ্ডে।
ইয়াৰ পিছত দুপৰীয়া ডঃ অখিল ৰঞ্জন গগৈৰ সভাপতিত্বত সাহিত্য আৰু শিক্ষা বিভাগৰ মূল অধিবেশন অনুষ্ঠিত হয়। ৰোষেশ্বৰ পাঠকে উদ্বোধন কৰা মূল অধিবেশনৰ নিদিষ্ট বক্তা হিচাপে বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলাৰ সভাপতি ডাঃ ৰাজেন বৰুৱাই।
এই সভাতে ত্ৰয়োবিংশতিতম অধিবেশনৰ সৈতে সংগতি ৰাখি পদ্ম ৰাজখোৱাৰ সম্পাদনা কৰা বাৰ্ষিক স্মৃতিগ্ৰন্থ কল্পদ্ৰুম উন্মোচন কৰে আউনীআটি বিশ্ববিদ্যালয়ৰ প্ৰধ্যাপক ড০ মানিক শইকীয়াই । আনহাতে ত্ৰৈলোক্য দেৱ শইকীয়া আৰু মহেন্দ্ৰ শইকীয়াৰ গ্ৰন্থ ক্ৰমে পুৰাতন কথা আৰু কীৰ্তন ঘোষাত বিজ্ঞানৰ বতৰা উন্মোচন কৰে শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ সভাপতি সুশীল গগৈয়ে। লগতে শিশু আই কল্যান শাখাই প্ৰকাশ কৰি উলিওৱা প্ৰয়াস আলোচনীখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষা বন্তি শিখা পাঠকে।
কাইলৈ অধিবেশনৰ দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন কৰিব তিতাবৰ জিলা শাখা সভাপতি সুশীল গগৈয়ে। ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহনীয়া ভাগবতসহ সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ'ব। ভকত বৈষ্ণৱৰ অন্তৰঙ্গ আলাপ অনুষ্ঠিত হ'ব। আঞ্চলিক সমূহৰ সভাপতি/সম্পাদক সম্মিলন অনুষ্ঠিত হ'ব ।
দুপৰীয়া সুশীল গগৈৰ সঞ্চালনাত অনুষ্ঠিত হব মুকলি সভা। মুকলি সভা উদ্বোধন কৰিব মহাপুৰুষ শ্রীমন্ত শঙ্কবদের বিশ্ববিদ্যালয়ৰ সদস্য ড° বুদ্ধিন্দ্রনাথ শইকীয়াই। আনহাতে অধিবেশনৰ নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব , শ্রীমন্ত শঙ্কবদেৰ সংঘৰ সাহিত্য শাখাৰ সভাপতি ড' মৃনাল কুমাৰ বৰুৱা ,বিত্তমন্ত্রী অজন্তা নেওগ, বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্র মাঘেৰিটা, সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us