৭০ হাজাৰ বিদেশী নাগৰিকৰ নাগৰিকত্বৰ আবেদন প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ

অসমক বিদেশীৰ ডাষ্টবিন হবলৈ দিয়া নহব, অসমে কেতিয়াও বিদেশীৰ বোজা বহন নকৰে ,অসম সদায় অসমীয়াৰ হৈ থাকিব আৰু বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বেকাজান: ৭০ হাজাৰ বিদেশী নাগৰিকৰ নাগৰিকত্বৰ আবেদন প্ৰত্যাহাৰ কৰাৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰৰ ষ্টেচন তিনি আলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।

দুপৰীয়া কৃষক মুক্তিৰ কৰ্মীয়ে হাতে হাতে বেনাৰ পষ্টাৰ লৈ বিজেপি চৰকাৰে কা আইনৰ জৰিয়তে প্ৰায় ৭৯ হাজাৰ ৫ শ বিদেশীক ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব বাবে বিদেশী ন্যায়ধীকৰণত থকা গোচৰ সমূহ প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো জিলাৰ আয়ুক্তক নিৰ্দেশ কাৰ্যক তীব্ৰ প্ৰতিবাদ কৰি ৰাজপথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তিলিকা দাহ কৰে।

 দুপৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে সকলো বিদেশী নাগৰিকৰ নাগৰিকত্বৰ আবেদন প্ৰত্যাহাৰ কৰক, অসমক বিদেশীৰ ডাষ্টবিন হবলৈ দিয়া নহব, অসমে কেতিয়াও বিদেশীৰ বোজা বহন নকৰে ,অসম সদায় অসমীয়াৰ হৈ থাকিব আৰু বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে।

আজি প্ৰতিবাদৰ সন্দৰ্ভত কৃষক মুক্তিৰ নেতা তপন ফুকনে কয়, অসমক কেতিয়াও বিদেশীৰ চৰণীয়া পথাৰ বা ডাষ্টবিনত পৰিণত হবলৈ দিয়া নহ'ব। অসমৰ মানুহে অসম আন্দোলন কৰি ৮২৫ ছহিদৰ বিনিময়ত অসম চুক্তি লাভ কৰিছিল। সেই অসম চুক্তিৰ আধাৰত ১৯৭৯ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশী লোক অসমত নাগৰিকত্ব নাপায় ইতিমধ্যে সকলোৱে মানি লৈছে।

সেয়া হিন্দু হওক বা মুছলমান হওক খ্ৰীষ্টান বা জৈন ধৰ্মৰ লোকেই হওক। কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু বিদেশীক সংস্থাপিত কৰিবলৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট কথা যে অসমৰ মুখ্যমন্ত্ৰীয়ে ২০১৪ চনলৈকে সকলোকে  যি নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছে সেয়া মানি লোৱা নহব।

মুখ্যমন্ত্ৰীয়ে যি অসমৰ সকলো জিলাৰ আয়ুক্ত সকলক মাতি আনি বিদেশী ন্যায়ধীকৰণত থকা গোচৰ সমূহ প্ৰত্যাহাৰ কৰিবলৈ যি নিৰ্দেশনা দিয়া কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিছে। ফুকনে কয় যে অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ মাক দেউতাকৰ সম্পত্তি নহয় ।

তেওঁ ইচ্ছাৰ মতে কাৰোবাক নাগৰিকত্ব দিব। আমি অসমক বিদেশীৰ চৰণীয়া পথাৰ অথবা ডাষ্টবিন ত পৰিণত হ'বলৈ নিদিওঁ। চৰকাৰে যদি অসমত ৭০ হাজাৰ বিদেশী নাগৰিকৰ নাগৰিকত্বৰ আবেদন প্ৰত্যাহাৰ নকৰে তেনেহলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ জিলাই ইয়াৰ গণ প্ৰতিবাদ গঢ়ি তুলিব।

কৃষক মুক্তি সংগ্ৰাম সমিতি