/asomiyapratidin/media/media_files/2025/11/11/hkfjhkjh-2025-11-11-11-31-51.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ বেজালিৰে এগৰাকী কলেজীয়া ছাত্ৰী কুকৰ্ম কৰি হত্যা কৰি শৌচাগাৰৰ টেংকীত পেলাই থোৱা এক ভয়ংকৰ হত্যা কাণ্ডৰ ঘটনাই সমগ্ৰ তিতাবৰ কঁপাই গৈছে । আজি শৌচাগাৰৰ টেংকীত বিপ্লৱী দাস নামৰ এগৰাকী মৃতদেহ পিশাচ জগত সিঙ নামৰ অনা অসমীয়া বেজৰ ব্যৱসায়ীটোৰ প্ৰতিষ্ঠানৰ চৌহদৰ শৌচাগাৰৰ টেংকীত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত তিতাবৰ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী , ৰাইজ আৰু স্থানীয় দল সংগঠনে পথ অৱৰোধ কৰি ঘটনাক ঘাপ দিব খোজা তিতাবৰ আৰক্ষীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই জঘন্য হত্যা কাণ্ডক লৈ পুৱাৰে পৰা বন্ধ হৈ পৰে তিতাবৰৰ সকলো দোকান-পোহাৰ। অভিযুক্ত জগত সিঙৰ ফাঁচীৰ দাবীৰে শ শ লোকে হাতত প্লেকাৰ্ড লৈ তিতাবৰ পুলিচ গ'বেক , হত্যাকাৰীক ফাঁচী দিয়ক , আদি শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রী, দল-সংগঠনৰ দলতে অগণন লোকে প্ৰতিবাদত অংশ লয়। ক্ষুব্ধ ৰাইজে তিতাবৰ থানাৰ অচি লক্ষ্মণ কুমাৰ দাসৰ নিলম্বনৰ দাবী কৰে। ইফালে অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধে। তিতাবৰৰ এই জঘন্য ঘটনাৰ পাছতে নিশাই ৰিজাৰ্ভক্ল'জ কৰে।
উল্লেখযোগ্য যে যোৱা ৭ নৱেম্বৰ পৰা তিতাবৰত শিলিখা গ্ৰাণ্টৰ বিপ্লৱী দাস নামৰ কলেজীয়া ছাত্রী নিৰুদ্দিষ্ট হৈ আছিল। পৰিয়ালে জগত সিঙ নামৰ এটা বেজৰ ওপৰত সন্দেহ প্ৰকাশ কৰি ৯ নৱেম্বৰত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু তিতাবৰ থানাৰ নিলম্বিত অ' চি লক্ষ্মন কুমাৰ দাসে কোনো গুৰুত্ব প্ৰদান নকৰাত কালি স্থানীয় ৰাইজে থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাত বাধ্য হৈ জগত সিঙক গ্ৰেপ্তাৰ কৰে। কিন্তু পৰিতাপৰ কথা যে জগত সিঙক জেৰা চলোৱাৰ পৰিবৰ্তে উচ্চ ৰক্তচাপ ভোগা বুলি চিকিৎসায়লৈ প্ৰেৰণ কৰে।
কিন্তু নিশা আৰক্ষীয়ে উপৰ্যুৰি জেৰাত অৱশেষত নৰপিশাচ জগত সিঙে বিপ্লৱী দাসক হত্যা কৰি শৌচালয়ৰ টেংকিত পেলাই থোৱা বুলি স্বীকাৰ কৰে । আজি পুৱা ৪ বজাত যোৰহাট জিলা আৰক্ষী অধীক্ষৰ নেতৃত্বত যুৱতী গৰাকীৰ মৃত্যুদেহ উদ্ধাৰ কৰে। জানিব পৰামতে বেজালি কৰা জগত সিঙে যুৱতী গৰাকীৰে আত্মীয়তা গঢ়ি তুলি আজি সাত মাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলি অন্তসত্তা কৰে। পৰৱৰ্তী সময়ত নিজৰ কলংক মোচনৰ বাবে যুৱতী গৰাকীক এনেদৰে অতি নৃশংসভাৱে হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল ।
এই হত্যাকাণ্ডৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ৫৩ বছৰীয়া জগত সিঙ, জগত সিঙৰ দুই পুত্ৰ কৃষণ সিঙ জীৱন সিঙ আৰু ৰেকিবুদ্দিন আহমেদ নামৰ এগৰাকী ফাৰ্মাচিষ্টকো আৰক্ষীয়ে গ্ৰেপ্তা কৰিছে। মেলামাটিৰ ফাৰ্মাচিজনে যুৱতী গৰাকীক গৰ্ভপাত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে যোৱা ৭ নৱেম্বৰৰ পুৱা বিপ্লৱী ঘৰৰ কলেজলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ।
এই ঘটনাৰ পাছতে স্থানীয় লোকে জগত সিঙৰ বিৰুদ্ধে সন্দেহৰ আঙুলি তুলিছিল যদিও তিতাবৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাত দেওবাৰে দিনৰ ভাগত ছাত্ৰীগৰাকীক সোঁ-শৰীৰে উদ্ধাৰ কৰিবলৈ তিতাবৰ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিভিন্ন দল-সংগঠনে প্ৰতিবাদত সেও মানি অৱশেষত জগত সিঙক আৰক্ষীয়ে আটক কৰিছিল । ৰাতি আৰক্ষীৰ জেৰাত হত্যাৰ কথা সৈ কাঢ়িছিল লম্পট জগত সিঙে। ইপিনে জগত সিঙে যুৱতী গৰাকীক হত্যা কৰা কথা আজি পোহৰলৈ অহাত উত্তেজিত ৰাইজে জগত সিঙক দোকান ভাঙি লণ্ডভণ্ড কৰে ।
আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অভিযোগ উত্থাপিত হোৱা মতে লম্পট বেজ জগত সিঙে শিক্ষাৰ্থীসকলক পৰীক্ষাত ভাল ফলাফলৰ বাবে পেঞ্চিল, কলমত মন্ত্ৰপুত দিয়ে। অন্ধবিশ্বাসী ছাত্ৰ - ছাত্ৰীয়ে ভণ্ড বেজ জগত সিঙৰ ওচৰলৈ প্ৰায়ে প্ৰবঞ্চনাৰ জালত ভৰি দিছিল। কেৱল এয়াই নহয় মহিলাৰ মাহেকীয়া ঋতুৰস্বাব চিকিৎসা আৰু নিসন্তান দম্পত্তিৰ চিকিৎসা কৰিছিল। এনে ভণ্ড চিকিৎসাৰ সুযোগ গ্ৰহণ কৰি বহু নাৰীৰ সতীত্ব নষ্ট কৰাৰ গুৰুত্ব অভিযোগ উঠিছে জগত সিঙৰ বিৰূদ্ধে । জানিব পৰামতে হত্যাকাৰী জগত সিঙৰ এখন আশ্রম আছে।
যিখন আশ্ৰমত বহু অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছিল। । বেজালিৰে জনপ্ৰিয় হৈ পৰা জগত সিঙৰ আশ্ৰমলৈ বহু আৰক্ষী, মন্ত্ৰী-বিধায়ক আগমন ঘটাৰ অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদকাৰীয়ে। । ইফালে তিতাবৰ এগৰাকী মেধাৱী ছাত্ৰীকৰ এনেদৰে নৃশংসভাৱে হত্যা কৰাৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us