তিতাবৰত স্থাপন কৰা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শস্যৰ জিন বেংক...

অসমৰ ভৌগোলিক পৰিবেশৰ পৰা সংৰক্ষণৰ অভাৱত  ক্ৰমাৎ হেৰাই যাব খোজা থলুৱা প্ৰজাতিৰ বিভিন্ন শস্যৰ জিন সংৰক্ষণৰ ক্ষেত্ৰত  এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে অসম কৃষি বিশ্ববিদ্যালৰ তিতাবৰ

author-image
Asomiya Pratidin
New Update
jjjdd

ডিজিটেল সংবাদ, বেকাজানঃ  অসমৰ ভৌগোলিক পৰিবেশৰ পৰা সংৰক্ষণৰ অভাৱত  ক্ৰমাৎ হেৰাই যাব খোজা থলুৱা প্ৰজাতিৰ বিভিন্ন শস্যৰ জিন সংৰক্ষণৰ ক্ষেত্ৰত  এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে অসম কৃষি বিশ্ববিদ্যালৰ তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই ।  অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ দীঘলীয়া গৱেষণাৰ অন্তত  আজি তিতাবৰত মুকলি কৰা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শস্যৰ জিন বেংক ।

তিতাবৰ আঞ্চলিক ধান গৱেষণা প্ৰতিষ্ঠানত   এই শস্যৰ জিন বেংকটো আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকাই ।  উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিনবেংকটো  উদ্বোধন কৰি উপাচাৰ্য বিদ্যুৎ চন্দন ডেকাই কয় --- তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শস্যৰ জিন বেংক মুকলি কৰা হৈছে। শস্যৰ বীজ সংৰক্ষণৰ ক্ষেত্ৰত ই এক ঐতিহাসিক পদক্ষেপ। এতিয়া এই শস্যৰ জিন বেংকত অসমৰ থলুৱা প্ৰজাতিৰ বিভিন্ন শস্যৰ বীজ সংৰক্ষণ কৰিব পৰা যাব।

জিন বেংকে আমাৰ থলুৱা শস্যৰ  বিশুদ্ধ সঁচ সংৰক্ষণৰ দীৰ্ঘদিনীয়া অসুবিধা দূৰ কৰিছে। এই জিন বেংকটোৰ কাম ২০২৩ চনতে আৰম্ভ হৈছিল।  অসম চৰকাৰে জিন বেংকৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰিছে  । অৱশ্যে জিন বেংকটোৰ স্থাপনৰ দাবী ,ৰাইজৰ পুৰণি দাবী আছিল। আজি কৃষকসকলৰ সেই দাবী পূৰণ হৈছে। শস্যৰ জিন বেংকটোৰ স্থাপনৰ মূল উদ্দেশ্য হ'ল  আমাৰ অসমত বিভিন্ন শস্যৰ  যি থলুৱা প্ৰজাতিৰ বীজ আছে তাক সংৰক্ষণ কৰা।

আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে ধান সংৰক্ষণৰ ক্ষেত্ৰত প্ৰায় তিনি হাজাৰ জাতৰ ধানৰ সঁচ ইতিমধ্যে সংৰক্ষণ কৰিছে। ধান সংৰক্ষণৰ ক্ষেত্ৰত এটা অসুবিধা আছে ইয়াক প্ৰতিবছৰে ৰোপণ কৰি উৎপাদন কৰিব লাগে। কিন্তু অন্য শস্যৰ বীজ সংৰক্ষণ কৰিব পৰা নাছিলো । কিন্তু বৰ্তমান শস্যৰ  যিটো জিন বেংকৰ স্থাপন কৰা হৈছে তাত যিকোনো শস্যৰ বীজ আমি অতি কমেও পোন্ধৰ বছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিম। এই জিন বেংকৰ সুবিধা হল যে গ্ৰাহক বা কৃষকে বিচৰা  সময়তে প্ৰজাতিৰ শস্যৰ সঁচ যোগান ধৰিব পৰা যাব।

আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ অসমৰ থলুৱা প্ৰজাতিৰ বিভিন্ন শস্যৰ বহু পুষ্টিকৰ ভাল গুণ বা উপাদান আছে । ভাল সুগন্ধি আৰু সোৱাদ আছে তেনে গুণ আৰু উপাদান বিলাক জিন  বেংকৰ জৰিয়তে সংৰক্ষিত হৈ থাকিব। তদুপৰি জিন বেংকে যিকোনো শস্যৰ বীজ প্ৰকৃত আৰু বিশুদ্ধ সঁচ প্ৰদান কৰিব।  গৱেষকসকলক  গৱেষণাৰ বাবে শস্যৰ বিশুদ্ধ সঁচ পোৱাত সহায় কৰিব। উল্লেখযোগ্য যে যোৰহাট অসম বিশ্ববিদ্যালয়ে বিগত ৫ বছৰত ধান, সৰিয়হ, তিল, বেঙেনা, মাহ জাতীয় শস্য, কণী ধানকে ধৰি ২৪ বিধ শস্যৰ সঁচ উদ্ভাৱন কৰিছে।  

বিশ্ববিদ্যালয়খনৰ কৃষি, গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়াই  কয়, যে যোৱা কেইবছৰমানৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ উদ্যোগত জহা চাউল, কাজি নেমু, গামোচা, জুদিমা আদিয়ে ভৌগোলিক সূচ্যাংক লাভ কৰিবলৈ সমৰ্থ হৈছে। আজি শস্যৰ জিন বেংকৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ কৃষি, গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়াই আৰু মুখ্য বিজ্ঞানী ফুলেশ্বৰ নাথে ।

তিতাবৰ