/asomiyapratidin/media/media_files/2025/08/19/web-ap-nur-2025-08-19-14-13-09.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। তিতাবৰ পূবালী নগৰৰ নুৰ ৰহমান নামৰ এটা লম্পট যুৱকে এগৰাকী হিন্দু যুৱতীক ভুৱা পৰিচয়েৰে বিয়া কৰাই শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
জানিব পৰা মতে, পেচাত কছাই নুৰ ৰহমান নামৰ মুছলমান যুৱকজনে পূজা ৰায় নামৰ এগৰাকী হিন্দু যুৱতীক প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই বিয়া কৰায়। বিয়াৰ কৰোৱাৰ কিছু দিনৰ পৰাই নুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালে যুৱতী গৰাকী ধৰ্মান্তৰকৰণৰ কৰি বলপূৰ্বক গোমাংস খাবলৈ আৰু বোৰ্খা পিন্ধিবলৈ বাধ্য কৰাই কৰি প্ৰায়ে মাৰপিট কৰি অকথ্য শাৰীৰিক নিৰ্যাতন চলাই আহিছে।
হিন্দু যুৱতী গৰাকীয়ে গো-মাংস ভক্ষণ আৰু বোৰ্খা পিন্ধিবলৈ অস্বীকাৰ কৰিলেই অকথ্য শাৰীৰিক অত্যাচাৰ চলাই গৰ্ভত থকা সন্তানটিৰ সৈতে পূজা ৰায়ক মৃত্যুৰ ভাবুকি প্ৰদান কৰি আহিছে। দেওবাৰে অন্তঃসত্বা হৈ থকা যুৱতী গৰাকীক লম্পট স্বামী নুৰ ৰহমান আৰু তেওঁৰ বায়েক চুমনিয়ে পেটত গুৰিয়াই গুৰুত্ব ভাৱে আহত কৰে। পৰিয়াল লোকে এই ঘটনাৰ খবৰ পাই সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়।
ইয়াৰ পাছতেই দুৰ্ভগীয়া পূজা ৰায় আৰু গৰ্ভত থকা সন্তানৰ ক্ষতি কৰাৰ ভাবুকি দি অত্যাচাৰ চলোৱা নুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে তিতাবৰ থানাত এজাহাৰ দাখিল কৰে। তিতাবৰ আৰক্ষীয়ে নুৰ ৰহমান আৰু তেওঁৰ বায়েকক গ্ৰেপ্তাৰ কৰি সোমবাৰে জেললৈ প্ৰেৰণ কৰিছে। ইপিনে হিন্দু যুৱতীক প্ৰেমত পেলাই ধৰ্মান্তৰকৰণ কৰিবলৈ লোৱা কাৰ্যকলৈ সমগ্ৰ তিতাবৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তিতাবৰ ৰাইজে এনে কাৰ্যৰ জৰিয়তে সামাজিক পৰিৱেশ নষ্ট কৰা নুৰ ৰহমানক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।