/asomiyapratidin/media/media_files/2026/01/04/csdsdfaxsa-2026-01-04-22-36-12.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিষাক্ত গছৰ গুটি খাই তেৰটিকৈ শিশু অসুস্থ হৈ পৰিছে।
জানিব পৰা মতে, তিতাবৰ বৰচৈকটা বাগান লাইনৰ তেৰটি শিশুৱে বিষাক্ত ভেৰেণা গছৰ গুটি খাই অসুস্থ হৈ পৰাত অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে। ৰাইজে জনোৱা মতে, শুক্ৰবাৰে বিয়লি বিদ্যালয়ৰ পৰা উভতি অহা তেৰটি শিশুৱে গাঁৱখনৰ এঘাৰ লোকৰ বগৰী গছৰ কাষত কাটি থোৱা ভেৰেণা গছৰ গুটি দেখা পায়। ভেৰেণা গুটি ফালি চোৱা কাজু বাদাম দৰে গুটি দেখা পাই ভক্ষণ কৰে। কিছু সময় পিছত পেটৰ বিষত ভূগি বমি কৰাত অভিভাৱকসকল আতংকিত হৈ পৰে।
লগে লগে সিহঁতক সোধাপোছা কৰাত ভেৰেণা গছৰ গুটিৰ খোৱা বুলি অৱগত কৰে। বিষাক্ত গুটি খাই গুৰুত্ব ভাৱে অসুস্থ পৰা শিশুকেইটা গাওঁবাসীয়ে ততালিকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। চিকিৎসালয়ত ভৰ্তি কৰা তেৰটি শিশুৰ ভিতৰত সাত গৰাকী ছোৱালী আৰু ছয় লৰা।
অসুস্থ হৈ পৰা শিশু কেইটা পাঁচ বছৰৰ পৰা দহ বছৰৰ ভিতৰত। ইয়াৰে দহ গৰাকী শিশু প্ৰাথমিক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে যদিও তিনিগৰাকী ছোৱালী সংকটজনক অৱস্থাত বৰ্তমান আইচিইউ ভৰ্তি হৈ আছে।
উল্লেখযোগ্য যে, তিতাবৰ বাগিচা অঞ্চলত উপযুক্ত শিক্ষাৰ অভাৱত বৰ্তমাননেও বহু শিশুৱে থলুৱা গছ বন চিনাক্ত কৰাত অজ্ঞ হৈ আছে। যাৰ পৰিণতি এনেদৰে বিষাক্ত গছৰ গুটি খাই তেৰটিকৈ শিশু অসুস্থ হৈ পৰা দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us