টীয়কত চাৰি দিনত ৫ হাজাৰ মাক্স তৈয়াৰ কৰিলে এদল মহিলাই…

টীয়কত চাৰি দিনত ৫ হাজাৰ মাক্স তৈয়াৰ কৰিলে এদল মহিলাই…

author-image
asomiyapratidin
New Update
টীয়কত চাৰি দিনত ৫ হাজাৰ মাক্স তৈয়াৰ কৰিলে এদল মহিলাই…

ডিজিটেল সংবাদ, টীয়কঃ কোৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এতিয়া সকলোৱে মাক্স পৰিধান কৰিবলৈ বাধ্য হৈছে। যি হাৰত জনতাই মাক্স ব্যৱহাৰ কৰিবলৈ লৈছে সেই হাৰত মাক্স দেশৰ এই লক ডাউনৰ সময়ত উৎপাদন কৰাত ব্যৰ্থ হৈছে মাক্স উৎপাদনকাৰী কাৰখানা সূমহ।

Advertisment

সেইবাবে অসম চৰকাৰে স্থানীয় আত্মসহায়ক গোট সমূহক এই ক্ষেত্ৰত হস্তনিৰ্মিত মাক্স নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছিল। তেনে এক দায়িত্ব লৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কলীয়াপানী উন্নয়ন খণ্ডৰ অধীনত তৃণয়না মণ্ডল পয্যায়ৰ সংগঠনৰ ২২ টা আত্ম সহায়ক গোটৰ ৪০ গৰাকী সদস্যাই মাত্ৰ চাৰি দিনত তৈয়াৰ কৰি উলিয়ালে ৫০০০ খন মাক্স।

উল্লেখযোগ্য যে এই মাক্সসমূহ তৈয়াৰ কৰাৰ পাছত সম্পূৰ্ণ বৈজ্ঞানিকভাৱে চেনিটাৰাইজ কৰি ৰ'দত শুকুৱাই সংশ্লিষ্ট মহলক অৰ্পণ কৰিবলৈ সাজু কৰি তুলিছে।