সাদিন-প্ৰতিদিনৰ কাৰ্যালয়ত সংবাদসূৰ্য তিলক হাজৰিকাক স্মৰণ…

সাদিন-প্ৰতিদিনৰ কাৰ্যালয়ত সংবাদসূৰ্য তিলক হাজৰিকাক স্মৰণ…

author-image
asomiyapratidin
New Update
সাদিন-প্ৰতিদিনৰ কাৰ্যালয়ত সংবাদসূৰ্য তিলক হাজৰিকাক স্মৰণ…

ডিজিটেল ডেস্কঃ অসমৰ সংবাদজগতক অনন্য মাত্ৰা প্ৰদান কৰা সংবাদসূৰ্য তিলক হাজৰিকাৰ আজি শতবৰ্ষ জন্মজয়ন্তী। কেইবাটাও দশক অসমৰ সংবাদজগত তথা অসমীয়া সাংবাদিকতাক সমৃদ্ধ কৰি ৰখা তিলক হাজৰিকাৰ জন্মদিন উপলক্ষে সাদিন-প্ৰতিদিনৰ মুখ্য কাৰ্যালয়তো এক অনুষ্ঠানৰ জৰিয়তে সোৱৰণ কৰা হয় তেওঁক।

Advertisment

অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁত ধৰা এই অনুষ্ঠানটিত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰা, সাদিন, প্ৰতিদিন কাকতৰ কৰ্মচাৰীসকলৰ লগতে অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইম ডিজিটেলৰ সংবাদকৰ্মীসকল।

এই অনুষ্ঠানত তিলক হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পঞ্জলি অৰ্পন কৰে নিত্য বৰাই। লগতে তেওঁ তিলক হাজৰিকাৰ সান্নিধ্যৰ কথাও সোৱঁৰে। অসমীয়া সাংবাদিকতাক তিলক হাজৰিকাই কিদৰে উজ্জীৱিত কৰাৰ লগতে এক ধাৰাত লৈ যাব বিচাৰিছিল সেই সন্দৰ্ভতো বক্তব্য ৰাখে নিত্য বৰাই।

অনুষ্ঠানটিৰ আঁত ধৰা প্ৰকাশ মহন্তই তিলক হাজৰিকাৰ ব্যক্তিত্ব আৰু যুৱ প্ৰজন্মৰ মাজত সাংবাদিকতাক লৈ থকা কৌতুহলৰ কথা ব্যাখা কৰে। তেওঁ লগতে কয়, তিলক হাজৰিকাই যিধৰণৰ সাংবাদিকতাৰ পোষকতা কৰিছিল, যুৱ প্ৰজন্মৰ মাজতো তেনে বহু সাংবাদিকতা কৰা যুৱ সাংবাদিক আছে। সকলোৰে বাবে এখন উচিত মঞ্চৰ প্ৰয়োজন।

উল্লেখ্য যে, এই অনুষ্ঠানত তিলক হাজৰিকাক সোৱঁৰি কেইবাগৰাকীয়েও বক্তব্য ৰাখে। সকলোৱে তিলক হাজৰিকাৰ ব্যক্তিত্ব, তেওঁৰ আদৰ-ব্যৱহাৰৰ লগতে তেওঁৰ সাংবাদিকতাৰ কথা উল্লেখ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ৬ টা দশকৰো অধিক কাল সাহিত্য আৰু সংবাদ ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে নিৰলস ভাৱে কাম কৰি যোৱা তিলক হাজৰিকাৰ মৃত্যু হৈছিল ২০১৬ চনৰ ২২ অক্টোবৰত। তেওঁৰ মৃত্যু কেৱল এজন ব্যক্তিৰে নহয় এটা অধ্যায়ৰ সমাপ্তি আছিল।