/asomiyapratidin/media/media_files/2025/09/16/malik-2025-09-16-23-48-33.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকা আৰু চীনৰ মাজত টিকটক সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে (১৬ ছেপ্টেম্বৰ, ২০২৫) ঘোষণা কৰিছে যে টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি হৈছে । ব্ৰিটেইন ভ্ৰমণলৈ যোৱাৰ পূৰ্বে ট্ৰাম্পে কয় যে আমি টিকটক সম্পৰ্কে চুক্তিত উপনীত হৈছো, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে এই বিষয়ে কথা পাতিম ।
স্পেইনৰ ৰাজধানী মাদ্ৰিদত আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্ট আৰু চীনৰ উপ প্ৰধানমন্ত্ৰী হে লিফেঙৰ মাজত দুদিনীয়া আলোচনাৰ অন্তত এই সিদ্ধান্ত উপনীত হয় ৷ চীন ভিত্তিক Bytedance ৰ মালিকানাধীন TikTok ৰ বিশ্বজুৰি প্ৰায় দুই বিলিয়ন ব্যৱহাৰকাৰী আছে। এই চুক্তিৰ অধীনত টিকটকৰ নিয়ন্ত্ৰণ আমেৰিকাৰ কোম্পানীসমূহৰ হাতলৈ আহিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমেৰিকাৰ কোম্পানীসমূহে টিকটক ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে ৷
২০২৫ চনৰ জানুৱাৰী মাহত আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছিল , কিন্তু এতিয়াও কাৰ্যক্ষম হৈ আছে চীনত। চুক্তিত উপনীত হ’বলৈ চীনক ১৭ ছেপ্টেম্বৰলৈ সময় দিয়া হৈছিল। এই চুক্তিত উপনীত নহ’লে আমেৰিকাত টিকটক সম্পূৰ্ণৰূপে নিষিদ্ধ হ’লহেঁতেন। ট্ৰাম্পে কয় যে ১২ ছেপ্টেম্বৰত ছি জিনপিঙৰ সৈতে কথা পাতিব আৰু এই চুক্তি চূড়ান্ত কৰিব।
চিএনবিচিৰ এক প্ৰতিবেদন অনুসৰি ৩০-৪৫ দিনৰ ভিতৰত এই চুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ২০২৪ চনত আমেৰিকাত এখন আইন গৃহীত হয়, যাৰ অধীনত চীনৰ কোম্পানী বাইটেডেন্সে আমেৰিকাৰ কাৰ্য্যকলাপৰ মালিকীস্বত্ব টিকটকক বিক্ৰী কৰিবলগীয়া হয়। সেই সময়ত চীন চৰকাৰে এই এপৰ জৰিয়তে আমেৰিকান ব্যৱহাৰকাৰীৰ তথ্য লাভ কৰিব পাৰিব বুলি আশংকা কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us