ভাৰতত পুনৰ সক্ৰিয় টিকটক !

প্ৰায় ৫ বছৰৰ পাছত ভাৰতত পুনৰ সক্ৰিয় হৈ পৰিছে চীনৰ ভিডিঅ’ শ্বেয়াৰিং এপ টিকটক ! বহু ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত এই এপ পুনৰ চলাবলৈ সক্ষম হৈছে বুলি মত প্ৰকাশ কৰিছে। 

author-image
Asomiya Pratidin
New Update
ভাৰতত পুনৰ সক্ৰিয় টিকটক !

ডিজিটেল ডেস্কঃ প্ৰায় ৫ বছৰৰ পাছত ভাৰতত পুনৰ সক্ৰিয় হৈ পৰিছে চীনৰ ভিডিঅ’ শ্বেয়াৰিং এপ টিকটক ! বহু ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত এই এপটো পুনৰ চলাবলৈ সক্ষম হৈছে বুলি মত প্ৰকাশ কৰিছে। 

Advertisment

সেয়ে ভাৰতত টিকটিকৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে নেকি বুলিও প্ৰশ্ন উঠিছে। প্ৰশ্ন উঠিছে পুনৰ পূৰ্বৰ দৰে ভাৰতত টিকটক ব্যৱহাৰ কৰিব পাৰিব নেকি ব্যৱহাৰকাৰীসকলে? 

একাধিক ব্যৱহাৰকাৰীয়ে পুনৰ খুলিব পাৰিছে টিকটক

একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি একাংশ টিকটক ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম যেনে এক্স, ফেচবুক আদিত উল্লেখ কৰিছে যে, তেওঁলোকে টিকটক এপ খুলিব পাৰিছে আৰু ব্যৱহাৰো কৰিছে। অৱশ্যে আন একাংশই টিকটক এপ খুলিব পাৰিছে যদিও তাক ব্যৱহাৰ কৰিব পৰা নাই। 

এনে পৰিস্থিতিত বহুতেই প্ৰশ্ন কৰিছে পুনৰ পূৰ্বৰ দৰে টিকটিক ব্যৱহাৰ কৰিব পাৰিব নেকি? বহুতেই ধাৰণা কৰিছে চীনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱাৰ পৰিপ্ৰেক্ষিততে চীনা এপৰত ওপৰত থকা প্ৰতিবন্ধকতা ক্ৰমশঃ আঁতৰাইছে ভাৰত চৰকাৰে। সেয়ে টিকটক পুনৰ ব্যৱহাৰ কৰিব পাৰিছে একাংশই। 

প্লে’ষ্টোৰ, এপল এপ ষ্ট’ৰ এতিয়াও উপলব্ধ হোৱা নাই টিকটক


মন কৰিবলগীয়া যে টিকটক এক একাংশ ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰিছে যদিও এতিয়াও ভাৰতত এই এপ উপলব্ধ হোৱা নাই। ইয়াৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ কোনো আনুষ্ঠানিক খবৰো নাই। 
ভাৰতত এতিয়াও গুগল প্লে’ ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰৰ পৰা এই এপ ডাউনলোড কৰিব পৰা সুবিধা উপলব্ধ হোৱা নাই। অৰ্থাৎ ভাৰতত এতিয়াও টিকটক বন্ধ হৈয়ে আছে। 

২০২০ চনত একাধিক চীনা এপৰ সৈতে নিষিদ্ধ কৰা হৈছিল টিকটক

২০২০ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি অহা ভাবুকিৰ কথা উল্লেখ কৰি টিকটককে ধৰি মুঠ ৫৯টা চীনা এপ নিষিদ্ধ কৰিছিল। গলৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাৰ মাজৰ হিংসাত্মক সংঘৰ্ষৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল।

তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই এপসমূহ ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, প্ৰতিৰক্ষা আৰু জনশৃংখলাৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰিছিল। টিকটকৰ উপৰিও শ্বেয়াৰইট, এম আই ভিডিঅ’ কল, ক্লাব ফেক্টৰী আৰু কেমস্কেনাৰৰ দৰে এপসমূহতো নিষেধাজ্ঞা জাৰি কৰা হৈছিল। এই নিষেধাজ্ঞা ২০২০ চনৰ জুন মাহৰ পৰা কাৰ্যকৰী হয়।

বাইটেডেন্সৰ লোকচানৰ পৰিমাণ আছিল চকুত লগা

টিকটক নিষিদ্ধ কৰাৰ পিছত ইয়াৰ মূল কোম্পানী বাইটেডেন্স বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। নিশাটোৰ ভিতৰতে তেওঁলোকৰ ভাৰতৰ টিকটকৰ ২০ কোটিৰো অধিক ব্যৱহাৰকাৰী হেৰুৱাইছিল। 

টিকটকৰ বাবে ভাৰত আছিল এখন ডাঙৰ বজাৰ। ভাৰতত নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পিছতে কোম্পানীটো বিশ্বজুৰি প্ৰভাৱিত হৈছিল।

উন্নত হৈছে ভাৰত আৰু চীনৰ সম্পৰ্ক 

শেহতীয়াকৈ ভাৰত আৰু চীনৰ সম্পৰ্ক উন্নতিৰ দিশে আগবাঢ়িছে। দুয়োখন দেশে সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে আলোচনাত মিলিত হৈছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়েও ভাৰত ভ্ৰমণ কৰিছে। 

দুয়োখন দেশৰ প্ৰচেষ্টাত সীমান্তত উত্তেজনা হ্ৰাস পাইছে। ভাৰতৰ পৰা চীনলৈ পোনপটীয়া বিমান সেৱাও ঘোষণা কৰা হৈছে। তাৰোপৰি ভাৰত চীনৰ মাজত পথ বাণিজ্যও পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে। 

চীন সামাজিক মাধ্যম