চাকৰি প্ৰাৰ্থীৰ নৱনিযুক্ত তালিকা ফালি ২০২৬ত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পৌৰসভাৰ বহু অস্থায়ী কৰ্মচাৰীক স্থায়ী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাচতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত চাফাই কৰ্মচাৰীসকল।

author-image
Asomiya Pratidin
New Update
446

ডিজিটেল সংবাদ, নলবাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পৌৰসভাৰ বহু অস্থায়ী কৰ্মচাৰীক স্থায়ী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাচতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত চাফাই কৰ্মচাৰীসকল। বছৰৰ পাচত বছৰ ধৰি কৰ্মৰত অস্থায়ী চাফাই কৰ্মচাৰীসকল স্থায়ী নিযুক্তিৰ তালিকাৰপৰা বাদ পৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ একাংশই নলবাৰী জিলাৰ টিহু পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী চাফাই কৰ্মীসকলে প্ৰতিবাদকল্পে নৱ নিযুক্ত স্থায়ী চাকৰিৰ তালিকা চিৰাচিৰ কৰি বিভিন্ন  ধ্বনিৰে কাৰ্যালয়ৰ চোতালৰ আকাশ বতাহ মুখৰ কৰি তোলে। প্ৰতিবাদকাৰী চাফাই কৰ্মচাৰীসকলে স্থায়ী চাকৰিৰ তালিকা আসোঁৱাহপূৰ্ণ বুলি দাবী কৰি সেই তালিকা কোনো পধ্যে মানি নোলোৱাৰ কথা দোহাৰে।

ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ চাফাই কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ দাবী জনাই চাফাই কৰ্মচাৰীসকলে পৰৱৰ্তী পৰ্যায়ত ব্যাপক আন্দোলন কৰিব বুলিও দোহাৰে। চৰকাৰে তেওঁলোকৰ চাকৰি স্থায়ী নকৰিলে আগত জানুৱাৰী মাহৰপৰাই ধাৰাবাহিকভাৱে অ-সহযোগ কাৰ্যসূচী পালন কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।

WhatsApp Image 2025-12-10 at 4.01.31 PM

এই প্ৰতিবাদী কাৰ্যসূচীত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অন্তৰ্গত চাফাই কৰ্মীসকলৰ অসম ৰাজ্যিক আয়োগৰ সদস্য তথা সদৌ অসম চাফাই কৰ্মী সন্থাৰ নেতা ভীম বাচফোৰেও অংশ লয়। সাংবাদিকৰ আগত চাফাই কৰ্মীসকলৰ নেতাগৰাকীয়ে যুগে যুগে চাফাই কৰ্মীসকল বঞ্চিত হৈ থকা বুলি অভিযোগ তুলি ৰাজ্য চৰকাৰৰ সকলো বিভাগতে অস্থায়ী হিচাপে কৰ্মৰত চাফাই কৰ্মীসকলৰ নিযুক্তি অতি শীঘ্ৰে স্থায়ী আৰু নিয়মীয়াকৰণ কৰিবলৈ দাবী জনায়। নেতাগৰাকীয়ে ইয়াৰ ব্যতিৰেকে অসম বিধান সভাৰ ২০২৬ চনৰ নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰো হুংকাৰ দিয়ে।

বিজেপি টিহু