মুৰাদাবাদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা প্ৰশাসনৰ

দিল্লীৰ বিস্ফোৰণৰ পিছতে মুৰাদাবাদত প্ৰশাসনে জাৰি কৰিছে হাইএলাৰ্ট । দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পাছতে মুৰাদাবাদ প্ৰশাসনে প্ৰতিটো ক্ষেত্ৰতে সতৰ্কতা অধিক বৃদ্ধি কৰিছে। একেদৰে প্ৰতিটো প্ৰান্তৰ পৰা অহা লোকসকলক তালাচী চলোৱাও পৰিলক্ষিত হৈছে

author-image
Asomiya Pratidin
New Update
delhi web

ডিজিটেল ডেস্কঃ দিল্লীৰ বিস্ফোৰণৰ পিছতে মুৰাদাবাদত প্ৰশাসনে জাৰি কৰিছে হাইএলাৰ্ট । দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পাছতে মুৰাদাবাদ প্ৰশাসনে প্ৰতিটো ক্ষেত্ৰতে সতৰ্কতা অধিক বৃদ্ধি কৰিছে। একেদৰে প্ৰতিটো প্ৰান্তৰ পৰা অহা লোকসকলক তালাচী চলোৱাও পৰিলক্ষিত হৈছে ।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে মুৰাদাবাদ প্ৰশাসনে তীক্ষ্ণভাৱে প্ৰতিটো প্ৰান্তৰ পৰ্যটক আৰু লোকসকলৰ পৰা পৰিচয় পত্ৰৰ লগতে সকলো তথ্য পাতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে প্ৰসাশনে সন্দেহজনক বাহনসমূহৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে । যাতে দুনাই এনেধৰণ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবেও কাঢ়া দৃষ্টি  ৰাখিছে আৰক্ষী- প্ৰশাসনে। 

তাৰোপৰি সন্দেহজনক লোকসকলৰ গতি বিধি, চাল-চলন পৰ্যবেক্ষণ কৰিছে প্ৰশাসনে। যাতে কোনো সুৰুঙা থাকি নাযায় তাৰ বাবেও উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত আছে। 

প্ৰণিধানযোগ্য যে দিল্লীৰ ঘটনাৰ পাছতে মুৰাদাবাদ প্ৰশাসনে প্ৰতিখন থানাত সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছিল । আনফালে প্ৰশাসনে এই তালাচী অভিযান সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ একেদৰে নিশা ৯ বজাৰ পৰা ১১ বজালৈ চলাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।

ইয়াৰ উপৰি এই দিন কেইটাত  যিসমূহ বাহন মুৰাদাবাদত প্ৰৱেশ কৰে , এই আটাইবোৰ বাহনৰ ওপৰত তীক্ষ্ণ নজৰৰ লগতে তালাচী চলোৱা নিৰ্দেশনা জাৰি কৰিছে। 

আৰক্ষী