ৰাজগড়ৰ জুটুলীবাৰীত তিহাৰ বিদায় সমাৰোহ সম্পন্ন…

ৰাজগড়ৰ জুটুলীবাৰীত তিহাৰ বিদায় সমাৰোহ সম্পন্ন…

ডিজিটেল সংবাদ,শিমলুগুৰিঃ " অসমৰ সাৰুৱা সাংস্কৃতিক পথাৰখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে যিবোৰ উৎসৱ-পাৰ্বন পৰম্পৰাগত ভাৱে পালন কৰি আহিছে, তাৰে এটা হ'ল অসমৰ গোৰ্খাসকলৰ তিহাৰ উৎসৱ৷লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জুটুলীবাৰীত ৰাজগড়- শিমলুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু ৰাজগড়-শিমলুগুৰি আঞ্চলিক ভানুজ্যোতি কৃষ্টি বিকাশ সমিতিৰ  উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৪ সংখ্যক তিহাৰ বিদায়  সমাৰোহখনি উদযাপন কৰা হয়৷

 কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সামূহিক চাফাই, পুৱা ৮ বজাত ভানুজ্যোতি কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ভীম প্ৰসাদ দাহাল আৰু ৰাজগড়-শিমলুগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰকাশ শৰ্মাই  পতাকা উত্তোলন কৰে৷ পুৱা ৮,৩০ বজাত স্মৃতি তৰ্পন কৰে আগছুৰ আঞ্চলিকটোৰ সম্পাদক ৰোচন বৰাল আৰু আদৰণি সমিতিৰ মুখ্য সম্পাদক পাপু ৰাওতে৷

 দিনৰ ১১ বজাত  প্ৰতিযোগীসকলৰ নাম পঞ্জীয়ন কৰা হয় ৷ দিনৰ ১ বজাৰ পৰা মুকলি সভাখনি জুটুলীবাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আঞ্চলিকৰ সভাপতি প্ৰকাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ লখিমপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক যুৱৰাজ কটোৱালে আঁত ধৰা সভাখনি শুভ উদ্ধোধন কৰে বিশ্বনাথ জিলাৰ হেলেম(খ)জিলা পৰিষদৰ সদস্যা ৰেণু গৌতম ভাণ্ডাৰীয়ে৷

 সভাত বিশিষ্ট অতিথি হিচাপে ক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোহন গৌতম, শিক্ষক বিষ্ণু দাহাল, নীলকমল গৌতম, ৰুদ্ৰ গৌতম, তপেন্দ্ৰ গৌতম, সমাজকৰ্মী নৰবাহাদুৰ কটোৱাল, নৱোজ্বল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জীৱ উপাধ্যায়, মঙ্গলময় পত্ৰিকাৰ মুখ্য সম্পাদক জীতেন বৰুৱা, লখিমপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক নেৱাৰ, সাধাৰণ সম্পাদক প্ৰাঞ্জন উপাধ্যায়, বিশ্বনাথ জিলাৰ সভাপতি সুনীল চুত্তাৰকে প্ৰমূখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰসঙ্গত বৃহত্তৰ অসমীয়া সংস্কৃতি বিকাশৰ ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীয়ে এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে নিজ পৰম্পৰা আৰু সাংস্কৃতিক দিশসমূহক সু-শৃংখলিত আৰু শুদ্ধভাবে জীয়াই ৰাখিব লাগে বুলিও অৱগত কৰে৷

আজি অনুষ্ঠিত হোৱা দেউচী, ভইলী,সঙ্গীনী, জোৱাৰী আদি সাংস্কৃতিক প্ৰতিযোগিতাত উচ্চ আৰু নিম্ন শাখাত বহু সংখ্যক দলে অংশগ্ৰহণ কৰে ৷ কৃষ্ণ বাহাদুৰ ৰাউতে উদ্ধোধন কৰা মনোমোহা সাংস্কৃতিক অনুষ্ঠানে উপস্থিত শ শ দৰ্শকক মন মুহিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাত বিশেষ স্থানপ্ৰাপ্ত প্ৰতিযোগীদলক বিশেষভাবে পুৰস্কৃত কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in