/asomiyapratidin/media/media_files/2025/10/02/web-ap-cid-2025-10-02-15-36-18.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ অকাল বিয়োগ সন্দৰ্ভত তদন্ত ক্ষীপ্ৰতৰ কৰিছে এছআইটিয়ে। শেহতীয়াকৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰে জড়িত আন তিনি ব্যক্তিক তলব কৰিছে CID-এ। সেই তিনিগৰাকী ব্যক্তিৰ নাম ক্ৰমে- নয়নজ্যোতি দাস, দ্বীপজ্যোতি ৰয়, ৰক্তিম ৰয়।
বৃহস্পতিবাৰে CIDৰ কাৰ্যালয়ত হাজিৰ হয় এই তিনি অভিযুক্ত। এই তিনিগৰাকী আছিল শ্যামকানু মহন্তৰ অতিকৈ ঘনিষ্ঠ। অভিযোগ অনুসৰি ৰক্তিম ৰয়ে শ্যামকানু মহন্তৰ বিত্তীয় লেনদেনৰ প্রতিটো দিশ চোৱাচিতা কৰিছিল।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'বিশেষ লেখা'ত সবিস্তাৰে প্ৰকাশ কৰা হৈছিল শ্যামকানু আৰু ৰক্তিম ৰয়ৰ ক'লা অধ্যায়। দুয়োৰে বিত্তীয় অনিয়মৰ কাহিনীও তথ্য সহকাৰে দাঙি ধৰা হৈছিল।
ইফালে, ক্রমাৎ মানসিকভাৱে ভাঙি পৰিছে শ্যামকানু মহন্ত। লকআপত বহুত অস্থিৰ হৈ পৰিছে শ্যামকানু। AC কোঠাত দিন অতিবাহিত কৰা মহন্ত এতিয়া শুইছে এখন কম্বলৰ ওপৰত। এতিয়া জেৰাৰ ওপৰি জেৰাৰ সন্মুখীন হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থ। আনহাতে, তদন্তকাৰী বিষয়াৰ মতে তদন্তত দুয়োৰে পৰা বহুখিনি তথ্য লাভ কৰিছে। যাৰ বাবে সংযোজন কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা।