মৰিগাঁৱত ভূমিকম্পৰ ফলত আহত ৩ জন লোক

এই ভূমিকম্পৰ ফলত মৰিগাঁৱত আহত হৈছে ৩ জনকৈ লোক। ভূমিকম্পৰ সময়ত দৌৰা-দৌৰিকৈ বাহিৰলৈ ওলাই আহোতেই আঘাতপ্ৰাপ্ত হয় লোককেইজন।

author-image
Asomiya Pratidin
New Update
f7trtrwedygbkjhoi

ডিজিটেল ডেস্কঃ পুৱতি নিশা ৫.৬ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁৱৰ পৰা ১৪ কিলোমিটাৰ নিলগৰ গভীৰত। পুৱতি নিশা ৪ বাজি ১৭ মিনিটত ৰাজ্যত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

WhatsApp Image 2026-01-05 at 11.45.59 AM

এই ভূমিকম্পৰ ফলত মৰিগাঁৱত আহত হৈছে ৩ জনকৈ লোক। ভূমিকম্পৰ সময়ত দৌৰা-দৌৰিকৈ বাহিৰলৈ ওলাই আহোতেই আঘাতপ্ৰাপ্ত হয় লোককেইজন। আঘাতপ্ৰাপ্ত নীৰজ কুমাৰ আৰু জয়মতী দেউৰীক ভৰ্তি কৰোৱা হয় মৰিগাওঁ অসামৰিক চিকিৎসালয়ত। তিনিওগৰাকীয়ে মূৰত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰে জয়মতী দেউৰী নামৰ বৃদ্ধাগৰাকীৰ মূৰত পৰিছে ১২টা চিলাই। 

CaptureEFRERERE

ইফালে, ভূমিকম্পৰ জোকাৰণিত জুৰীয়াৰ দগাঁৱৰ এখন দোকানত মেলিছে ফাট। দগাঁৱৰ বাহাৰুল ইছলাম দোকানত ফাট মেলাৰ পাছতে হাহাঁকাৰ পৰিস্থিতি সৃষ্টি হয় গাঁৱখনত। 

ভূমিকম্প