মিজোৰামত ৫০ হাজাৰ নিচাযুক্ত টেবলেটসহ তিনিজনক আটক

চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে বি এছ এফ আৰু আবকাৰী বিভাগে।‌

author-image
Asomiya Pratidin
New Update
346

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে বি এছ এফ আৰু আবকাৰী বিভাগে।‌ গোপন তথ্যৰ ভিত্তিত বি এছ এফ আৰু নাৰ্কোটিকছ বিভাগে আইজলত এখন বাহনত তালাচী চলাই  বাহনখনৰ পৰা জব্দ কৰিছে ৫০ হাজাৰ য়াবা তথা মেথামফেটামাইন টেবলেট।

অসমৰ শ্ৰীভূমি জিলাৰ পঞ্জীয়নভুক্ত AS10BC- 7343 নম্বৰৰ বলেৰ' পিক আপ বাহনখনৰ গোপন চেম্বাৰৰৰ পৰা জব্দ কৰা হয় টেবলেটখিনি। জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ৭.৫ কোটি টকা বুলি সদৰী কৰিছে বি এছ এফে।

এই নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত থকা শ্ৰীভূমিৰ তিনিজন সৰবৰাহকাৰীক আটক কৰিছে অভিযানকাৰী দলটোৱে।

মিজোৰাম