বেংকৰ চাকৰি, চোৰৰ প্ৰবৃত্তিঃ মেনেজাৰসহ UCO বেংকৰ তিনি কৰ্মচাৰীয়েই লুটিলে ১২ লাখ টকা...

মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা নাটকীয় ১২ লাখ টকা চুৰিকাণ্ডৰ লগত জৰিত তিনি বেংক কৰ্মচাৰীক আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰি ৯.৫ লাখ টকা উদ্ধাৰ কৰিছে

author-image
Asomiya Pratidin
New Update
474

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা নাটকীয় ১২ লাখ টকা চুৰিকাণ্ডৰ লগত জৰিত তিনি বেংক কৰ্মচাৰীক আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰি ৯.৫ লাখ টকা উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে,মানকাচৰ চহৰৰ মাজমজিয়াত থকা দ্বিতীয়খন ইউকো বেংকত শুকুৰবাৰে দিনৰ প্ৰায় ২ বজাত লাঞ্চ ব্ৰেকৰ সময়ত গেটৰ তলা ভাঙি ১২ লাখ টকা চুৰি হোৱা বুলি নিজে কৰ্মৰত বেংকৰ শাখা প্ৰবন্ধকে এক নাটক ৰচনা কৰিছিল।

বিয়লি ৪-০০ বজাত ১২ লাখ টকা চুৰি হোৱা বুলি মানকাচৰ আৰক্ষীক শাখা প্ৰৱন্ধকজনে অৱগত কৰে। লগে লগে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হয় ইউকো বেংকত। ঘটনা অতিকৈ ৰহস্যজনক বুলি আৰক্ষীয়ে উমান পাই লগে লগে জিলা আৰক্ষীক অৱগত কৰে।

তিনিগৰাকী উপ আৰক্ষী অধীক্ষক কিছু সময়ৰ ভিতৰত মানকাচৰ ইউকো বেংকত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। সন্ধিয়া প্ৰায় ৬ বজাত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীও ঘটনাস্থলীত উপস্থিত হৈ তীব্ৰ অনুসন্ধান আৰম্ভ কৰে।

আৰক্ষীয়ে বেংক কৰ্মচাৰীক সন্দেহ কৰি বেংকৰ চিচি কেমেৰা পৰীক্ষা কৰে। কিন্তু ৰহস্যজনকভাৱে চুৰি সংঘটিত হোৱা সময়খিনিত চিচিটিভি কেমেৰা বন্ধ কৰি ৰখা হৈছিল। ফলত আৰক্ষীয়ে বেংকৰ ভিতৰৰ কেবাটাও কোঠাত তালাচী চলাবলৈ আৰম্ভ কৰে।

মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোৱাৰী বেংকৰ এটা কোঠাৰ ভিতৰৰ এটা কাৰ্টনৰ তলৰ পৰা নগদ ৬ লাখ টকাসহ মুঠ ৯.৫ লাখ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ফলত আৰক্ষীয়ে মেনেজাৰ, কেছিয়াৰসহ বেংকৰ তিনি কৰ্মচাৰীক আটক কৰে।

আৰক্ষীয়ে কেছিয়াৰৰ ৰুমৰ পৰা নগদ ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। একেদৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনৰ ঘৰৰ পৰাও আৰক্ষীয়ে ৫ হেজাৰ টকা উদ্ধাৰ কৰে। নিশা প্ৰায় ৮ বজাত আৰক্ষীয়ে তিনিওজনক আটক কৰি মানকাচৰ থানালৈ আনি তীব্ৰ জেৰা চলায়।

জেৰাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে মেনেজাৰৰ নিৰ্দেশত চুৰিকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে এই স্বীকাৰোক্তি লাভ কৰাৰ পাচতেই বেংকৰ মেনেজাৰ শ্বাহিল অঞ্জুম, বেংকৰ গাণনিক বিষয়া অময়দ্বীপ ৰয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰিহাণ্ট হৰিজনক গ্ৰেপ্তাৰ কৰে।

আজি দিনৰ প্ৰায় ১১.৩০ বজাত আৰক্ষীয়ে বেংকৰ তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ পাচত কিদৰে বেংকত চুৰিকাণ্ড সংঘটিত কৰা হৈছিল তাৰ তদন্ত চলায়। দূপৰীয়া কৰ্মচাৰী তিনিজনৰৰ স্বাস্থ্য পৰীক্ষা কৰি বিয়লি প্ৰায় ৪ বজাত হাটশিঙিমাৰী মু্খ্য ন্যায়ীক দণ্ডাধীশ আদালতৰ অতিৰিক্ত ন্যায়াধীশৰ ওচৰত হাজিৰ কৰোৱা হয়।

61(2)/305(a)(e)/306/315(5)/217/314/316 BNS ৰ অধীনত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তিনিওজনক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ অধিক তদন্তৰ বাবে মহামান্য আদালৰ ওচৰত আৰক্ষীয়ে অভিযুক্ত তিনিজনক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে।

কিন্তু আৰক্ষীয়ে তদন্তৰ বাবে তিনিদিন আৰক্ষীৰ জিম্মাত দিছে এই চুৰিকাণ্ডৰ অভিযুক্ত বেংক চোৰ কেইটাক। এই চুৰিকাণ্ডৰ সৈতে আৰু কোনোবা লোক বা বেংকৰ কৰ্মচাৰী জৰিত আছে নেকি তাকে লৈ আৰক্ষীয়ে তদন্ত চলাব। তদুপৰি ১২ লাখ টকাৰ অৱশিষ্ট ধনখিনি কলৈ গল সেই টকাখিনিও আৰক্ষীয়ে উদ্ধাৰৰ বাবে অভিযুক্ত চোৰ কেইটাক সোধা-পোছা চলাব।

নিজে কৰ্মৰত বেংকত নিজে এইদৰে চুৰিকাণ্ড সংঘটিত কৰা বিষয়টোক লৈ জিলাখনৰ সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাটকীয়া চুৰিকাণ্ডৰ সৈতে প্ৰকৃততে কোন কোন জৰিতে সেয়া আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব যদিও ধৃত বেংকৰ মেনেজাৰ, কেছিয়াৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তিনিজনক বেংকৰ চাকৰিৰ পৰা নিলম্বণ কৰিবলৈ সচেতন মহলে দাবী তুলিছে।

এই বেংক কৰ্মচাৰী কেইজন দীৰ্ঘদিনে মানকাচৰৰ সাধাৰণ বেংক গ্ৰাহকৰ সৈতে অভব্য আচৰণ কৰি অহাৰো অভিযোগ পোৱা গৈছে। বেংক কৰ্মচাৰী কেইজনে মাত্ৰ ১২ লাখ টকা চুৰি কৰিবলৈ এই নাটকীয় চুৰিকাণ্ড কিয় সংঘটিত কৰিলে আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব।

ধৃত বেংক কৰ্মচাৰী কেইজন ক্ৰমে, কামৰূপ মেট্ৰ জিলাৰ দিছপুৰ থানা এলেকাৰ অধীনস্থ ছিক্সমাইল এফ এ আহমেদ নগৰৰ ১১ নং বাইলেনৰ ৫৪ নং হাউজৰ বাসিন্ধা ৰেজাউল কৰিমৰ পুত্ৰ শ্বাহিল আঞ্জুম (৩৫), শ্ৰীভূমি জিলাৰ পাথৰকান্দি থানা এলেকাৰ অধীনস্থ সোনাখিৰা গাঁৱৰ অজয় ৰয়ৰ পুত্ৰ অময়দ্বীপ ৰয় (২৬) আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ কাশাৰীপাৰা গাঁৱৰ শ্ৰী সুৰেশ কুমাৰ হৰিজনৰ পুত্ৰ আৰিহাণ্ট হৰিজন (২৯) বুলি সম্পূৰ্ণ পৰিচয় লাভ কৰিব পৰা গৈছে।

মানকাচৰ