কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

author-image
asomiyapratidin
New Update
কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী। এই ঘটনাত আৰক্ষীৰ এজন জোৱানো শ্বহীদ হয়। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, বিশেষ সূত্ৰৰ পমে খেদি ফাতেহ কাদাল অঞ্চলত এক অভিযান চলোৱাৰ সময়তে সন্ত্ৰাসবাদী দলটোৱে গুলীচালনা কৰে।

লগে লগে নিৰাপত্তাৰক্ষীৰ দলটোৱেও প্ৰত্যুত্তৰ দিয়ে। বহু সময় ধৰি চলা এই গুলীয়াগুলীত ৩ সন্ত্ৰাসবাদী সদস্য ধৰাশায়ী হয়। ইফালে অঞ্চলটোত আৰু কেবাটাও সন্ত্ৰাসবাদী দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰি অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে সেনা-আৰক্ষীয়ে।

অভিযান কালত যাতে সাধাৰণ নাগৰিকৰ কোনো সমস্যা নহয় তাৰ বাবে স্থানীয় প্ৰশাসনে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে। মোবাইল আৰু ইণ্টাৰনেট সেৱাও তাৎক্ষণিকভাৱে বন্ধ কৰি দিছে প্ৰশাসনে।