/asomiyapratidin/media/media_files/2026/02/23/bvbfbvb-2026-02-23-23-33-57.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ বৰ অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অতুল্য অৱদান আগবঢ়াই যোৱা ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ তিনি গৰাকী একনিষ্ঠ সাধকক অলপতে সম্বৰ্ধনা জনোৱা হয়। পূব ঢকুৱাখনাৰ ভোমা লাগাচো বৃৰতে কেবাংৰ উদ্যোগত যোৱা ১৮ ফেব্ৰুৱাৰীত কৌবাং প্ৰাঙ্গনত অনুষ্ঠিত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনি বিশিষ্ট স্ৰষ্টাক জনোৱা হয় সম্বৰ্ধনা।
ভোমা লাগাচো কৌবাং থলীত অনুষ্ঠিত হোৱা আলি আয়ে লৃগাং অনুষ্ঠানৰ সতে সংগতি ৰাখি আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান। বৃৰতে কেবাংৰ সভাপতি ৰাজীৱ লাগাচো, সম্পাদক চিতাৰাম দলেৰ ওপৰিও অম্বেশ্বৰ লাগাচো, বসন্ত লাগাচো মুকুল লাগাচো, ইন্দ্ৰেশ্বৰ লাগাচো, শুভ ৰাম লাগাচো, হেম লাগাচো, চিয় ৰাম লাগাচো, তিলক লাগাচো, জিতেন লাগাচো, উমিৰ লাগাচো, বীৰেন লাগাচো,খগেন লাগাচো,হিৰ নাথ লাগাচো, নবীন লাগাচো, ললিত লাগাচ , ইন্দ্ৰেশ্বৰ লাগাচো, আনেল লাগাচোকে প্ৰমুখ্য কৰি বহু সংখ্যক বিশিষ্ট নাগৰিক ,ৰাইজ উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে।
কৌবাঙৰ সিদ্ধান্ত আৰু পৰামৰ্শৰ ভিত্তিত গণেশ লাগাচোৱে আঁত ধৰি অনুষ্ঠিত কৰা এই প্ৰশংসনীয় অনুষ্ঠানত অঞ্চলটোৰ ভাষা, সাহিত্য, সংস্কৃতিক্ষেত্ৰখনৰ তিনি পুৰোধা ব্যক্তি ক্ৰমে হৰি প্ৰসাদ লাগাচো , ডিম্বেশ্বৰ দলে আৰু মোহন লাগাচোক নৃগোষ্ঠীয় সমাজ সংস্কৃতিলৈ আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-image-20-2026-02-23-23-34-15.jpeg)
উল্লেখযোগ্য যে বিশিষ্ট নাগৰিক, পূব ঢকুৱাখনা জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰি প্ৰসাদ লাগাচোক ভগবান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ পাণ্ডুলিপি অসমীয়া ভাষাৰ পৰা মিচিং ভাষালৈ ৯০ দশকতে প্ৰথম অনুবাদ কৰি মিচিং সমাজত মিচিং ভাষাত ৰাসলীলা মঞ্চায়নৰ নব্য গতি প্ৰদান কৰাৰ বাবে উষ্ণ সম্বৰ্ধনা জনোৱা হয়। ইয়াৰোপৰি মিচিং ভাষালৈ অনুদিত ৰাসলীলাৰ মিচিং ভাষাৰ সুকণ্ঠী গায়ক, গীতিকাৰ, নৃত্য শিল্পী ডিম্বেশ্বৰ দলে আৰু জনগোষ্ঠীয় বিশিষ্ট কবি, সাহিত্যিক মোহন লাগাচোকো কৌবাংৰ তৰফৰ পৰা মিচিং জনগোষ্ঠীয় "এৰকক"ৰে ভোগেশ্বৰী লাগাচো, টিলেশ্বৰী লাগাচো ,যুগলতা লাগাচোৰ জৰিয়তে উষ্ণ সম্বৰ্ধনা জনোৱা হয় ।
স্মৰ্তব্য যে ১৯৯০ চনতে মিচিং বসতি প্ৰধান অঞ্চলত নিজস্ব (দোৱান)ভাষাত ভগৱান শ্ৰী কৃষ্ণৰ ৰাসলীলা মঞ্চায়নৰ বাবে পূৰ্ণাংগ নাটৰ পাণ্ডুলিপিৰ স্ৰষ্টা হৰি প্ৰসাদ লাগাচোক মিচিং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰাও এই অতুল্য সাংস্কৃতিক সৃষ্টিশীলতাৰ বাবে অলপতে প্ৰশস্তি পত্ৰ আৰু নগদ ১লাখ টকাৰে সম্বৰ্ধনা জনোৱা হয় । স্বায়ত্ত শাসিত পৰিষদৰ গোগামুখস্থিত মুখ্য কাৰ্যালয়ত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে অন্যান্য পাৰিষদ সকলৰ উপস্থিতিত লাগাচোক এই সম্বৰ্ধনা জ্ঞাপন কৰে।
প্ৰণিধানযোগ্য যে, পৰিষদৰ পৰা আগবঢ়োৱা এই ১লাখ টকাৰ বিত্তীয় সাহাৰ্য জনগোষ্ঠীটোৰ নাট্যক্ষেত্ৰখনৰ লগতে অন্য সামাজিক কাৰ্য্যত ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰাৰ সিদ্ধান্ত ইতিমধ্যে ব্যক্ত কৰিছে বিশিষ্ট শিক্ষাবিদ ,অনুবাদক হৰি প্ৰসাদ লাগাচোৱে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us