আৰক্ষীৰ জালত পৰিল কুখ্যাত গাড়ীচোৰ চক্ৰৰ ৩ সদস্য

এইবাৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত গাড়ী চোৰ চক্ৰৰ দল। ধিঙৰ আহোম গাঁও আৰক্ষীয়ে আটক কৰে কুখ্যাত গাড়ীচোৰ চক্ৰটোৰ তিনিজন সদস্যক। 

author-image
Asomiya Pratidin
New Update
dfdfdf

আৰক্ষীৰ জালত পৰিল কুখ্যাত গাড়ীচোৰ চক্ৰৰ ৩ সদস্য

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এইবাৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত গাড়ী চোৰ চক্ৰৰ দল। ধিঙৰ আহোম গাঁও আৰক্ষীয়ে আটক কৰে কুখ্যাত গাড়ীচোৰ চক্ৰটোৰ তিনিজন সদস্যক। 

Advertisment

আৰক্ষীয়ে আটক কৰে জুৰীয়া দগাঁৱৰ মেহফাচ আলম শ্বাহ, নয়নজ্যোতি শইকীয়া আৰু জখলাবন্ধাৰ শ্ৰীবাস্তৱ শইকীয়াক। পিছে এই গাড়ী চোৰ চক্ৰটোৰ মূল নায়ক ধিঙৰ শ্বালকাটিৰ আশ্বিকুৰ ৰহমান বৰ্তমানেও পলাতক হৈ আছে। আহোম গাঁও আৰক্ষীয়ে লাহৰিজানৰ পৰা চুৰি গাড়ী সহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই তিনি যুৱকক। 

Capturegg

জানিব পৰা মতে, ধিঙৰ ছালকাটিৰ দিলদাৰ হুছেইনৰ বাসগৃহৰ পৰা এএছ০১-এছচি-৯৭১৭ নম্বৰৰ বলেৰ পিকআপ বাহনখন চুৰি কৰি ডিমাপুৰলৈ লৈ থকা অৱস্থাত আহোমগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আটক কৰে তিনি যুৱকক। 

Capturerrrrrrr

বৰ্তমান আহোম গাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গাড়ী চোৰ চক্ৰটোক।

গাড়ী চোৰ