/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-01-15-23-45-23.jpeg)
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত মাঘী উৎসৱৰ আনন্দৰ মাজতে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড। ছিৰমৌৰ জিলাৰ সংগ্ৰাহ মহকুমাৰ নৌহৰাধাৰৰ তালাংগানা গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড। এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৩ শিশুসহ ৬ জন লোক কৰুণভাৱে জ্বলি ছাঁই হৈ যায়। ইপিনে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-01-15-23-45-58.jpeg)
প্ৰাথমিক তদন্ত অনুসৰি, এই অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে।ঘটনাটো ছিৰমৌৰ জিলাৰ সাংগ্ৰাহ উপ-বিভাগৰ অন্তৰ্গত তালাঙ্গানা গাঁৱত সংঘটিত হয়। মাঘী উৎসৱ উদযাপনৰ বাবে আত্মীয়ৰ ঘৰত সমবেত হৈছিল এটা পৰিয়াল। ইপিনে আৰক্ষীয়ে উল্লেখ কৰিছে যে,মৃতদেহকেইটা অধিক জ্বলি যোৱাৰ কাৰণে চিনাক্তকৰণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হয় ।
উল্লেখযোগ্য যে, ছিৰমৌৰ জিলাত সংঘটিত হোৱা এই অগ্নিকাণ্ডক লৈ গভীৰ শোক প্ৰকাশ কৰিছে হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিৰোধী দলপতি জয়ৰাম ঠাকুৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-im-2026-01-15-23-47-34.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us