বিহালীত নকল সোণসহ তিনিটা চোৰাং বেপাৰী আটক

বিহালী জিনজিয়া আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান চলাই চোৰাং বেপাৰিকেইটাক আটক কৰে। আটক কৰা চোৰাং বেপাৰীকেইটা লক্ষীমপুৰৰ ৰৌডাং বৰপথাৰৰ বাবুল ইছলাম, বূৰৈ চাহ বাগিছাৰ বিহালী লাইনৰ সুধীৰ তাঁতি আৰু যোৰহাটৰ ৰজাবাৰী টোকলাইৰ দেৱজিৎ সাগৰ বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিপুখুৰী অঞ্চলৰ পৰা আৰক্ষীয়ে ২২৭ গ্ৰাম নকল সোণসহ তিনিটা চোৰাং বেপাৰীক আটক কৰে। এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এই সফলতা লাভ কৰে।

WhatsApp Image 2026-01-10 at 4.50.36 PM

উল্লেখযোগ্য যে, লক্ষীমপুৰৰ পৰা AS-01-GH-1035 নম্বৰৰ হুণ্ডাই ক্ৰেটা বাহনত অহা তিনিজন লোকে বিশ্বনাথত নকল সোণ বিক্ৰী কৰাৰ চেষ্টা চলাইছিল। এই তথ্য লাভ কৰাৰ পাছতে বিহালী জিনজিয়া আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান চলাই চোৰাং বেপাৰিকেইটাক আটক কৰে। 

আটক কৰা চোৰাং বেপাৰীকেইটা লক্ষীমপুৰৰ ৰৌডাং বৰপথাৰৰ বাবুল ইছলাম, বূৰৈ চাহ বাগিছাৰ বিহালী লাইনৰ সুধীৰ তাঁতি আৰু যোৰহাটৰ ৰজাবাৰী টোকলাইৰ দেৱজিৎ সাগৰ বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে ধৃত তিনি নকল সোণ বেপাৰী কেইটাক অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে।

WhatsApp Image 2026-01-10 at 4.50.36 PM (1)

বিহালী