‘কা’লৈ শুনানি ছুপ্ৰিং ক’ৰ্টৰঃ বিচাৰপীঠত থকা ৩ ন্যায়াধীশৰ বিষয়ে জানো আহক…

‘কা’লৈ শুনানি ছুপ্ৰিং ক’ৰ্টৰঃ বিচাৰপীঠত থকা ৩ ন্যায়াধীশৰ বিষয়ে জানো আহক…

author-image
asomiyapratidin
New Update
‘কা’লৈ শুনানি ছুপ্ৰিং ক’ৰ্টৰঃ বিচাৰপীঠত থকা ৩ ন্যায়াধীশৰ বিষয়ে জানো আহক…

ডিজিটেল ডেস্কঃ কা'ক লৈ বুধবাৰে ছুপ্ৰিম ক'ৰ্টৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব গুৰুত্বপূৃৰ্ণ শুনানি। এই তিনিজনীয়া বিচাৰপীঠ থকা মুখ্য ন্যায়ধীশকে ধৰি অন্য দুজন ন্যায়াধীশৰ বিষয়ে কিছু কথা…

Advertisment

দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডেঃ

১৯৫৬ চনৰ ২৪ এপিলত নাগপুৰত জন্ম হৈছিল বোবডেৰ। নাগপুৰৰে এছ এফ এছ কলেজৰ পৰা তেও বিএ পাছ কৰে। ১৯৭৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনৰে ১৩ ছেপ্তেম্বৰত অধিবক্তাৰ জীৱন আৰম্ভ কৰে তেঁও। নাগপুৰ আদালততে প্ৰাৰম্ভিক কাম-কাজ শিকে।

এনেকৈয়ে নিজৰ কৰ্মদক্ষতাৰে চিনাকি মুখ হৈ পৰে শৰদ অৰবিন্দ বোবডে। ২০০০ চনৰ ১৩ ছেপ্তেম্বৰত বম্বে হাইকৰ্টৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে তেওক নিযু্ক্তি দিয়া হয়। ২০১২ চনৰ ১৬ অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনৰ ২৩ এপিলত অৱসৰ গ্ৰহণ কৰিব শৰদ অৰবিন্দ বোবডেই।

'তিন তালাক'ক অসাংবিধানিক বুলি ৰায় দিয়া ন্যায়াধীশ এছ আব্দুল নজীৰঃ

ন্যায়াধীশ নজীৰৰ জন্ম হৈছিল ১৯৫৮ চনৰ ৫ জানুৱাৰীৰ কৰ্ণাটকৰ বেলুৱই গাঁৱত। মহাবীৰ কলেজৰ পৰা বি কম ডিগ্ৰী লাভ কৰাৰ পাছত এছ ডি এম আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা উকালতি জীৱন আৰম্ভ কৰে এছ আব্দুল নজীৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়তে অতিৰিক্ত ন্যায়াধীশ আৰু পাছলৈ ন্যায়াধীশ হিচাপে কাৰ্যনিবাহ কৰা নজীৰ ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ন্যায়াধীশ এছ আব্দুল নজীৰ হৈছে দেশৰ এনে এজন ন্যায়াধীশ যি কোনো এখন উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিবাহ নকৰাকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

নিজৰ কাৰ্যকালত বহুকেইটা গুৰুত্বপূৰ্ণ ৰায়দান কৰা নজীৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তিন তালাক। তিন তালাকক ন্যয়াধীশ নজীৰৰ বিচাৰপীঠেই অসাংবিধানিক বুলি ৰায় প্ৰদান কৰিছিল। উল্লেখ্য যে, তিন তালাক বিলক লৈ গঠিত হোৱা ৫ জনীয়া বিচাৰপীঠৰ ৩ গৰাকীয়ে বিপক্ষে আৰু দুগৰাকীয়ে সপক্ষে ৰায় প্ৰদান কৰিছিল। বিলৰ বিৰুদ্ধে ৰায়দান কৰা ৩ গৰাকীৰ ন্যায়াধীশৰ ভিতৰত ন্যায়াধীশ এছ আব্দুল নজীৰ আছিল অন্যতম। ২০১৯ৰ ৯ নৱেম্বৰত অযোধ্যা ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠত থকা অন্যতম এজন ব্যক্তি হ'ল ন্যায়াধীশ এছ আব্দুল নজীৰ।

ন্যায়াধীশ সঞ্জীৱ খান্নাঃ

২০১৯ বৰ্ষৰ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যয়াধাশ হিচাপে নিুযুক্তি দিয়া হৈছিল ন্যায়াধীশ সঞ্জীৱ খান্নাক। ১৯৬০ চনৰ ১৪ মেত জন্মগ্ৰহণ কৰা সঞ্জীৱ খান্নাৰ পিতৃও আছিল ন্যায়াধীশ। দিল্লী উচ্চ ন্যায়ালয়ত ন্যয়াধীশ হিচাপে কাৰ্যনিবাহ কৰিছিল সঞ্জীৱ খান্নাৰ পিতৃয়ে। তেওঁ মাতৃ আছিল অধ্যাপিকা। দিল্লী বিশ্ববিদ্যালয়তে আইন বিষয় অধ্যয়ন কৰা খান্নাই বহুকেইটা গুৰুত্বপূৰ্ণ ৰায় নিজৰ কাৰ্যকালত প্ৰদান কৰিছে। ১৯৮৪ চনৰ শিখ সকলৰ ওপৰচ বৰ্বৰ আক্ৰমণ চলাই হোৱা নিধন কাণ্ডৰো প্ৰথম পৰ্যায়ত ৰায়দান কৰিছিল খান্নাই।