বাক্সাৰ চৰাইমাৰীৰ জলাশয়লৈ আহিছে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই....

শীতৰ সময়ছোৱাত ৰাজ্যৰ জলাশয় সমূহ ভৰি পৰিছে পৰিভ্ৰমী চৰাইৰে। পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে খাল-বিল সমূহ।

author-image
Asomiya Pratidin
New Update
hsdhsjhdskdsdow

ডিজিটেল সংবাদ, বাক্সাঃ শীতৰ এই সময়ছোৱাত ৰাজ্যৰ জলাশয় সমূহ ভৰি পৰিছে পৰিভ্ৰমী চৰাইৰে। পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে খাল-বিল সমূহ। বাক্সা জিলাৰ চৰাইমাৰীতো দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই । ইতিমধ্যে বাক্সা জিলাৰ খাল-বিল সমূহো ভৰি পৰিছে চৰাইৰে। 

Capturexdcxcxc

জিলাখনৰ চৰাইমাৰীত থকা ২৪নং আই আৰ বেটেলিয়নৰ শিবিৰৰ ভিতৰত থকা পুখুৰীত জাক জাক শৰালি হাহে শোভা বৰ্ধন কৰিছে। নবেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ বেটেলিয়ন শিবিৰটোৰ পুখুৰীত শোভা বৰ্ধন কৰে শৰালি জাকে। 

Capturefgfgrgfgf

শিবিৰটোৰ বেটেলিয়ন জোৱানসকলে সুৰক্ষা দি ৰাখিছে পৰিভ্ৰমী শৰালি হাঁহৰ জাকটোক। কোনো লোকে যাতে এই পৰিভ্ৰমী চৰাইবোৰক ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। সম্প্ৰতি শৰালি হাঁহৰ জাকটোৱে শিবিৰটোৰ চৌহদত সৃষ্টি কৰিছে এক নান্দনিক পৰিৱেশৰ।

পৰিভ্ৰমী চৰাই