নিৰ্বাচন সমাগত : খেৰণিত সহস্ৰাধিক পৰিয়ালৰ বিজেপিত যোগদান

নিতৌ বিৰোধী পক্ষৰ নেতা কৰ্মীক বিজেপিত যোগদান কৰোৱাই বিৰোধীক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা বিজেপিৰ। পশ্চিম কাৰ্বি আংলঙৰ ছত্ৰ গাঁৱত কংগ্ৰেছ আৰু এ পি এইছ এল চি দলৰ ১২০০ পৰিয়ালৰ যোগদান বিজেপিত।

author-image
Asomiya Pratidin
New Update
74

ডিজিটেল সংবাদ, খেৰণি : সমাগত বিধানসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে কাৰ্বি আংলং বিজেপিৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত যোগদানৰ ৰাজনীতিৰে শক্তি প্ৰদৰ্শন বিজেপি নেতা কৰ্মীৰ।

নিতৌ বিৰোধী পক্ষৰ নেতা কৰ্মীক বিজেপিত যোগদান কৰোৱাই বিৰোধীক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা বিজেপিৰ। পশ্চিম কাৰ্বি আংলঙৰ ছত্ৰ গাঁৱত কংগ্ৰেছ আৰু এ পি এইছ এল চি দলৰ ১২০০ পৰিয়ালৰ যোগদান বিজেপিত।

বিজেপিত যোগদান ভিন্ন দলৰ কৰ্মীৰ

কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিজেপিত যোগদান কৰে কংগ্ৰেছ আৰু এ পি এইছ এল চি দলৰ লোকসকলে। ইপিনে থেপ্লী-আৰামত পুৰ্থিমি আকেমাং ২.০ শীৰ্ষক আঁচনিৰ জৰিয়তে তুলিৰাম ৰংহাঙে ভূমিহীন পৰিয়ালক বিনামূলীয়াকৈ ভূমিপট্টা বিতৰণ কৰাও পৰিলক্ষিত হয়।

শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত কাৰ্বি পৰিষদখনে কাৰ্বি আংলঙবাসীৰ অভাৱ-অভিযোগ পূৰণৰ স্বাৰ্থত বহু উন্নয়নমূলক কামকাজ কৰি গৈছে বুলি সদৰী কৰে ৰংহাঙে। অনাগত দিনত উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত পুনৰ বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিক সহায়-সহযোগ আৰু বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই তুলিৰাম ৰংহাঙে।

বিজেপি