আহি পালো মই...

চানমাৰিত তোমাক দেখো, গণেশগুৰিত তোমাক দেখো, সকলোতে আজি তোমাক দেখিছো, মইহে তোমাক একো ক’ব খুজিও ক’ব নোৱাৰিছো। মায়াৱিনী এই ৰাতি আহিছো মই উভতি। মোৰ বাবে সাৰে আছা তুমি। এই আশা হয়তো কৰা নাছিলা, আশা নকৰা কথাবোৰেই এতিয়া সঁচা। 

author-image
Asomiya Pratidin
New Update
383

ডিজিটেল ডেস্ক : চানমাৰিত তোমাক দেখো, গণেশগুৰিত তোমাক দেখো, সকলোতে আজি তোমাক দেখিছো, মইহে তোমাক একো ক’ব খুজিও ক’ব নোৱাৰিছো। মায়াৱিনী এই ৰাতি আহিছো মই উভতি। মোৰ বাবে সাৰে আছা তুমি। এই আশা হয়তো কৰা নাছিলা, আশা নকৰা কথাবোৰেই এতিয়া সঁচা। 

এখন নৈ হৈ বৈ যাম মই, বহু যুগলৈ থাকিমনে তোমাৰ বুকুত চিনাকি সুৰৰ গীত হৈ। অমল বতাহে মোক ক্লান্তি কৰিব নোৱাৰিলেও সময়ৰ সময়ে মোক সামৰি থলে। জোনাকী মন হৈ মই গুচি আহিলো জোনবাইৰ দেশলৈ। আকলুৱা মোৰ সুৰত থাকি গ’ল সপোন। 

কি বাৰ আজি ? দেওবাৰ। মোৰ সৈতে আছে বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। তাৰ সৈতে কত যে আন্তৰিকতা। এদিন- দুদিন নহয় ১০টা বছৰ একেখন বিচনাতে আমি শুৱা। আজি মই শুই আছো, উজাগৰে আছে সি, মোৰ বাবে উজাগৰে আছে আপুনি। 

সোণেৰে সজোৱা পঁজা যায় যদি জহি, আকৌ পাৰিম জানো সঁজাবলৈ এনেকৈ আহি। দেউতায়ো আজি বাট চাই আছে পদূলিলৈ মই আহিম বুলি। বহুদিন দেখা নাই দেউতাৰ মুখ। বিষ্ণু-জ্যোতিৰ জোনাকী দেশত কত যে ভ্ৰান্তি, কত যে অনিয়ম ?

ময়েইতো মাতিছিলো মাত। চেনেহীৰ আকাশত মইয়েই জানো নাছিলো এক হুংকাৰ। মৌন সময়ে ভাবি আছো নীৰৱতা ভাগি মন প্ৰজাপতি হৈ উলাহতে উৰি যাম কেনি ? চিনাকি ছায়াতে ৰৈ আছা মোৰ বাবে সকলো কি যে মোহনীয়া এই সময়।

আহি দিয়ানা আহি প্ৰভাতী ৰং। সুন্দৰ হঁওক সকলো। বলা যাও, বুটলো আহিনৰ শেৱালি। আইৰ নিচুকনি গীত শুনিব মন গৈছে মোৰ। জীৱনৰ ৫২টা বছৰৰ ভাগৰৰ টোপনি এয়া। মৰমৰ বুলনিৰে আইৰ দুহাতেৰে মোৰ চুলিবোৰ ঢৌ খেলি দিয়া সেই ল’ৰালিৰ দিনবোৰলৈ মনত পৰিছে। 

জাকি মাৰি গুচি গৈছিল ল’ৰালি। ৰ’দ- বৰষুণৰ ধেমালি। দোকমোকালি মোৰ পঢ়াশালিৰ সময়। ঘৰলৈ উভতি আহিছো চিৰনিদ্ৰাৰ কোলাত শুই। খিৰিকীৰ ফাকেৰে সৌৱা চোৱা নতুন সূৰুযৰ পোহৰ পৰিছে। সেই পোহৰৰ আন্দোলিত আকাশেৰে আহিব মুকুতিৰ আবেলি। নিভাঁজ আবেগেৰে সৰা দিন- ৰাতি। ৰঙা-নীলা চিলাবোৰ উৰা পুৰণি দিন আহিছে মনলৈ উভতি। 

আছেনে মোৰ গানত কিবা ? সেমেকা শীতৰ কোমল ৰ’দালিৰ পৰত পোৱানে মোৰ গীতক বিচাৰি। পাব পাৰানে আপোন পাহৰা মোৰ সুৰত। অলকানন্দা ওঁঠৰ সেই হাঁহি অৰুণিমা হৈ অচিনা নদীয়েদি বৈ যায়। অভিমানৰ মুঠিত ৰাখো মই মোক। সমুখত যেতিয়া মই তোমাক দেখো মন যায় মোৰ সকলো হ’বলৈ। মোৰ খোজৰ বাটত ছায়া নামে। মৌ-মিঠা অনুভৱে ভাল লগা কথাবোৰে ক’ব খোজে। 

বেদনা ভালপোৱা মানুহ মই। সাধনা ভালপোৱা ল’ৰা মই। আজি সেয়াই আধৰুৱা হ’ল, সাঁথৰ হৈ ৰ’ল এই সময়। উদাসী গধুৰ বুকুত এটি শিহৰণ তাৰ নাম বাৰু কি ? মই ক’ব পৰা নাই একো। মই গাব পৰা নাই একো। কি চাই আছা মোলৈ একেথৰে। তাহানিৰ কথাবোৰচোন মোৰ মনত পৰে, কেনেকৈ সলনি হয় সকলো। 

সলনি হয় নতুন পুৰণিলৈ। কোনে হুকুম দিছে মোক, ৰজা- ৰাণী খেলা হুকুম নে সঁচা হুকুম এয়া জীৱনৰ ? গোৱা না আজি মোৰ সেই প্ৰিয় গীত। সিঁচি দিয়া মৰমৰ মায়া, হিয়াজুৰি বৈ আহা মোৰ বুকুলৈ তুমি জানো নাজানা বিচাৰো মই কি। 

সাগৰৰ দৰে গভীৰ মোৰ এই দৃষ্টি। কিয় কন্দুৱাইছা মোক নালাগে মোৰ সোঁৱৰণি এই মায়াবী ৰাতি। অশ্ৰুভৰা এই নিশা মোৰ বাবে আৰু বহু বেদনা। মায়া মাথোঁ মায়া। তোমালোক সকলোৱে মোৰ মায়া। দুচকুলৈ চালে উচুপি উঠিব মন যায় মোৰ। নিজানৰ গান মোৰ শেষ হ’ব নেকি আজি ?

মায়াৱিনী বুকুত ধৰা দিছে তোমাৰ গোপন ছবি। তুমি যে মোৰ শুকান বনৰ নিয়ৰ। চেঁচা এটোপাল পানী হৈ ৰ’দৰ নৈয়ে বৈ অহা মোৰ দেহলৈ প্ৰতিটো পুৱা। মই জোনবাইৰ দেশলৈ গুচি আহিছো। তাৰ পৰাই তোমালোক সকলোকে দেখিছো নেকান্দিবা মোৰ বাবে। মই আছো সদায় উজাগৰে তোমাৰ বাবে...।

জুবিন গাৰ্গ