পৃথক বড়োলেণ্ড অথবা কমতাপুৰ নহয়, এইবাৰ পৃথক "দুৱাৰঞ্চল" গঠনৰ দাবীঃ অখ্যাত সংগঠনৰ অসমক দুভাগ কৰাৰ হুংকাৰ..

author-image
Asomiya Pratidin
New Update
পৃথক বড়োলেণ্ড অথবা কমতাপুৰ নহয়, এইবাৰ পৃথক "দুৱাৰঞ্চল" গঠনৰ দাবীঃ অখ্যাত সংগঠনৰ অসমক দুভাগ কৰাৰ হুংকাৰ..

duwaranchal

ডিজিটেল সংবাদ চিৰাং: অসমত পুনৰ নতুনকৈ আৰম্ভ হ'ব নেকি পৃথক ৰাজ্যৰ দাবীত আন্দোলন ? হয় ! এইবাৰ পৃথক বড়োলেণ্ড ৰাজ্য নাইবা পৃথক কমতাপুৰ নহয় এই বাৰ অসমক দুভাগ কৰি দুৱাৰঞ্চল নামেৰে পৃথক তথা নতুন ৰাজ্য গঠনৰ দাবীত গণতান্ত্ৰিক আন্দোলন কৰাৰ কথা ঘোষণা দুৱাৰঞ্চল জন পৰিসঙ্গম নামৰ এটা অখ্যাত সংগঠনৰ ।

Advertisment

আজি চিৰাং জিলা সদৰ কাজলগাঁৱৰ দুৱাৰ্চ অতিথিশালাত এক সংবাদ মেলৰ আয়োজন কৰি সংগঠনটোৰ সভাপতি পাৰ্মিনাছ নাৰ্জাৰীয়ে দলে বলে এই কথা ঘোষণা কৰে । চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ তিস্তা নৈৰ ওয়েষ্ট্ৰান দু্ৱাৰ্চৰ পৰা আৰম্ভ কৰি অসম-পশ্চিমবংগৰ মুঠ ১ দুৱাৰ্চ সামৰি শদিয়াৰ লাদাখ দুৱাৰ্চলৈকে প্ৰস্তাৱিত এই পৃথক দুৱাৰঞ্চল ৰাজ্যৰ পৰিসীমা হ'ব বুলি সংবাদ মেলত সদৰি কৰে ।

সংবাদ মেলত তেওঁ কয়- ইমান দিনে পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত জাতীয়তাবাদী ছাত্ৰ সংগঠন এবছুৰ উদ্যোগত আৰু দল সংগঠনৰ সহযোগত অসমত পৃথক ৰাজ্য গঠনৰ দাবীত আন্দোলন হে কৰিলে । প্ৰথমাৱস্থাত উদয়াচল নামেৰে আন্দোলন চলিল কিন্তু আমি এই আন্দোলনৰ পৰা আমি একোৱেই নাপালো । তাৰ পিছত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত দুটা দশক অৰ্থাত এক দীঘলীয়া সময় গণতান্ত্ৰিক আৰু সশস্ত্ৰ সংগ্ৰাম চলিল কিন্তু পালো কি ? নামত স্বায়ত্ব শাসিত পৰিষদ পৰবৰ্তী সময়ত ষষ্ঠ অনুসূচী স্বায়ত্ব শাসিত পৰিষদ ! এই বিলাকে এই অঞ্চলৰ সংগ্ৰামী ৰাইজক সন্তুষ্ট কৰিব পৰা পৰা নাই । যাৰ কাৰণে এতিয়া অসমত দুৱাৰঞ্চল জন পৰিসঙ্গম সংগঠনৰ নেতৃত্বত এই অঞ্চলত বসবাসকাৰী বিভিন্ন জাতি, জনজাতি, ধৰ্মালম্বীৰ লোক সকলক লৈ এই পৃথক দুৱাৰঞ্চল ৰাজ্য গঠনৰ দাবীত মহাত্মা গান্ধীৰ আদৰ্শৰে সম্পূৰ্ণ অহিংসা পথৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।

তেওঁ লগতে কয়, এই আন্দোলন কেৱল এটা জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ নেথাকি এই অঞ্চলত বসবাসকাৰী বিভিন্ন জাতি, জনজাতি, ধৰ্মালম্বী লোকসকলক সামৰি লোৱা হ'ব। সংবাদমেলত উল্লেখ কৰে যে, যিহেতু ভাৰত চৰকাৰে নতুনকৈ ৫০ খন নতুন পৃথক ৰাজ্য গঠন কৰাৰ এক প্ৰক্ৰিয়া চলাই আছে তেনেক্ষেত্ৰত অসমৰ পৰা পৃথক দুৱাৰঞ্চল ৰাজ্য গঠনৰ দাবী যাতে ভাৰত চৰকাৰৰ নতুন ৰাজ্য গঠনৰ উক্ত প্ৰস্তাৱিত তালিকাত স্থান লাভ কৰে তাৰ বাবে প্ৰচেষ্টা চলাই যাব বুলিও সদৰি কৰে নেতা জনে ।

assam