এইবাৰ বিটিচিত অকলেই চৰকাৰ গঠন কৰিব বিপিএফে : হাগ্ৰামা মহিলাৰী

"এইবাৰ আমাৰ চৰকাৰ অহাটো খাটাং। বিটিচিত চৰকাৰ এইবাৰ বিপিএফৰ হ'ব। আমি ২০ খনতকৈ অধিক আসন লাভ কৰিম। বেছি আসন পাম যদিও সংখ্যাটো নকওঁ। নহ'লে বিজেপি, ইউপিপিএল, কংগ্ৰেছে ভয় খাব।"

author-image
Asomiya Pratidin
New Update
193

ডিজিটেল সংবাদ, ওদালগুৰি : "এইবাৰ আমাৰ চৰকাৰ অহাটো খাটাং। বিটিচিত চৰকাৰ এইবাৰ বিপিএফৰ হ'ব। আমি ২০ খনতকৈ অধিক আসন লাভ কৰিম। বেছি আসন পাম যদিও সংখ্যাটো নকওঁ। নহ'লে বিজেপি, ইউপিপিএল, কংগ্ৰেছে ভয় খাব।" এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

Advertisment

বুধবাৰে মহিলাৰীয়ে হেলিকাপ্টাৰযোগে ওদালগুৰিত উপস্থিত হয়। ইয়াৰ পাছত দিনৰ প্ৰায় ১২-২০ মান বজাৰ পৰা ওদালগুৰি চহৰৰ মাজমজিয়াত অৱস্থিত আডামছ্ ৰেষ্টুৰেণ্টত উপস্থিত হৈ বিপিএফৰ নিৰ্বাচনী নীতি নিৰ্দ্ধাৰণ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে।

ইয়াৰ পাছত সাংবাদিকৰ সন্মুখত মন্তব্য কৰি মহিলাৰীয়ে কয়, আজি ওদালগুৰিত বিপিএফৰ নিৰ্বাচনী নীতি নিৰ্দ্ধাৰণ সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত সিদ্ধান্ত হৈছে যে ৩০ আগষ্টৰ ভিতৰত বিপিএফ দলৰ বিটিচি নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব।

ইতিমধ্যে ২২ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা হৈছে আৰু ১৮ টা পৰিষদীয় সমষ্টিৰ বাবে শীঘ্ৰে প্ৰাৰ্থী ঘোষণা কৰা হ'ব। একেদৰে প্ৰতিটো সমষ্টিৰ বাবে একোগৰাকী নিৰ্বাচনী তত্বাৱধায়ক নিয়োগ কৰা হ'ব। মনোনয়ন দাখিলৰ পিছত বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পাছত এই তত্বাৱধায়কসকলে সক্ৰিয়ভাৱে কাম আৰম্ভ কৰিব।

একেদৰে মহিলাৰীয়ে কয়, যিদিনা বিপিএফৰ কেন্দ্ৰীয় নিৰ্বাচনী ষ্টিয়াৰিং সমিতি গঠন হ'ব, সিদিনাই আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ'ব। উক্ত ইস্তাহাৰৰ দ্বাৰা চৰকাৰ গঠনৰ পিছত বিপিএফ দলে ৰাইজৰ হৈ কি কি কাম কৰিব বা ৰাইজে আমাক কি কি স্মাৰকপত্ৰ প্ৰদান কৰিছে সেই বিষয়ে প্ৰকাশ কৰি ৰাইজৰ মাজত অধিকভাৱে প্ৰচাৰ কৰিব দলটোৱে।

একেদৰে মনোনয়ন দাখিলৰ বাবে যথেষ্ট সময় থকা বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিছতেই ২ চেপ্টেম্বৰৰ পূৰ্বে মনোনয়ন দাখিল কৰিব প্ৰাৰ্থীসকলে। ইফালে হেলিকাপ্টাৰৰ প্ৰসঙ্গ উল্লেখ কৰি কয়, দেখিছে ম‌য়েই আগতে হেলিকাপ্টাৰৰ লগত কথা পাতিছো। মই কোন তাৰিখে মনোনয়ন দাখিল কৰিম সেয়া আজি ক'ব নোৱাৰো।

সেয়া কোকৰাঝাৰ জিলা সমিতিয়ে থিৰাং কৰিব। যেতিয়াই কৰিব দিয়ে তেতিয়াই কৰিম। আন এক প্ৰসঙ্গ উল্লেখ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল দলৰ প্ৰমোদ বড়ো, ইউজি ব্ৰহ্ম, ৰণগৌৰা নাৰ্জাৰীক ধন্যবাদ দি কয়, বিপিএফে কৰিব নোৱাৰা কাম কৰিছে ইউপিপিএলে।

আমাক গাড্ডাৰ কৰা চন্দন ব্ৰহ্মক বিপিএফে শাস্তি দিব লাগিছিল যদিও ইউপিপিএলে নিৰ্বাচনৰ টিকট প্ৰদান কৰি চন্দনক সেই শাস্তি প্ৰদান কৰিছে। মই বহুত শান্তি পাইছো। এনেকুৱা কামৰ বাবে আমি ইউপিপিএলক চেল্যুট নকৰাকৈ থাকিব পাৰিম নেকি?

ইয়াৰ পিছত খাম্ফা বৰগয়াৰীকো তেওঁলোকে একে শাস্তি দিব। যাৰ বাবে ইউপিপিএলৰ নেতৃত্বক মই আকৌ ধন্যবাদ জনাইছো। আজি বিপিএফ প্ৰধান গৰাকীৰ উপস্থিতিত আক্ৰাছুৰ কেন্দ্ৰীয় মূখ্য উপদেষ্টা অতুল বৰ্মন, সদ্য পদত্যাগী জিলা বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মিণ্টু দৈমাৰীকে প্ৰমূখ্য কৰি ৪০ গৰাকীতকৈ অধিক লোকে বিপিএফত যোগদান কৰে।

আজিৰ সভাত বিধায়ক চৰণ বড়ো, দূৰ্গাদাস বড়ো, পাৰিষদ ফ্ৰেছ মোছাহাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বহু বিপিএফ নেতা-কৰ্মী উপস্থিত থাকে।

হাগ্ৰামা মহিলাৰী