/asomiyapratidin/media/media_files/2025/08/11/neepco-11-2025-08-11-18-48-19.jpg)
ডিজিটেল ডেস্কঃ নীপকো ৰিটায়াৰ্ড এম্প্লয়ীজ ৱেলফেয়াৰ এছোচিয়েছনৰ তৃতীয় দ্বি- বাৰ্ষিক অধিবেশনখন ১০ আগষ্ট, দেওবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অতিথিশালাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয়। পতাকা উত্তোলন কৰে এছোচিয়েছনৰ সভাপতি মুকুন্দ ডেকাই।
পৰৱৰ্তী সময়ত তেওঁৰেই সভাপতিত্বত অনুষ্ঠিত হয় সাধাৰণ সভাখন।এছোচিয়েছনৰ সহকাৰী সাধাৰণ সম্পাদক অখিল চন্দ্ৰ গোস্বামীৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা সভাখনৰ আৰম্ভণিতে ইতিমধ্যে স্বৰ্গগামী হোৱা সদস্যসকলৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/11/neepco-2025-08-11-18-48-54.jpeg)
সভাত সাধাৰণ সম্পাদক অৰবিন্দ গগৈয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। বিত্তীয় সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যীয়ে বিত্তীয় হিচাব নিকাচৰ খতিয়ান দাঙি ধৰে।
বিতং আলোচনাৰ অন্তত ২০২৫-২৭ বৰ্ষৰ বাবে পুনৰ সভাপতি হিচাপে মুকুন্দ ডেকাক নিৰ্বাচিত কৰা হয়। তাৰোপৰি উপ-সভাপতি হিচাপে সুশান্ত লাল দুৱৰা, সাধাৰণ সম্পাদক হিচাপে অৰবিন্দ গগৈ, সহকাৰী সাধাৰণ সম্পাদক হিচাপে অখিল চন্দ্ৰ গোস্বামী, বিত্তীয় সম্পাদক হিচাপে ৰঞ্জিত ভট্টাচাৰ্যক দায়িত্ব প্ৰদান কৰি ৩৬ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।
বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নীপকোৰ ভূতপূৰ্ব অধ্যক্ষ তথা পৰিচালন সঞ্চালক প্ৰদীপ কুমাৰ কটকী। তেওঁ এছোচিয়েছনৰ মুখপত্ৰ- ‘উত্তৰণ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। সন্ধিয়া অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে অধিবেশনৰ সফল সামৰণি পৰে বুলি এছোচিয়েছনৰ সহকাৰী সাধাহৰণ সম্পাদক অখিল চন্দ্ৰ গোস্বামীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us