বালিপৰাত দিন দুপৰতে চলিল চোৰৰ চাফাই অভিযান

শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃনাল শইকীয়াৰ বাসগৃহত দিন দুপৰতে চলিল চোৰৰ চাফাই অভিযান ৷

author-image
Asomiya Pratidin
New Update
btfyrtrer

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃনাল শইকীয়াৰ বাসগৃহত দিন দুপৰতে চলিল চোৰৰ চাফাই অভিযান ৷

জানিব পৰা মতে, বালিপৰাৰ বালিগাঁৱৰ নিজা আৱাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে তলা ভাঙি প্ৰায় ১০ তোলা সোণৰ অলংকাৰ লৈ যায়। উল্লেখ্য যে, মৃণাল শকীয়াই বিশেষ কামৰ বাবে শুকুৰবাৰে সপৰিয়ালে তেজপুৰলৈ গৈছিল। সন্ধিয়া ঘৰলৈ উভতি আহি ঘৰৰ দুৱাৰৰ তলা ভঙা দেখি হতবাক হৈ পৰে। পাছত ঘৰৰ ভিতৰত সোমাই অনুসন্ধান কৰি দেখে যে চোৰে ঘৰৰ বয় বস্তু ছেদেলি ভেদেলি কৰি পেলাই থোৱা অৱস্থাত আছে আৰু গডৰেজৰ লকাৰ ভাঙি প্ৰায় ১০ তোলা সোণৰ আ-অলংকাৰ চোৰে লৈ উধাও হয়।

এই ঘটনা সন্দৰ্ভত শইকীয়াই চাৰিদুৱাৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, উক্ত সোণ খিনিৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১৫ লক্ষ্যধিক টকা হ'ব বুলি জানিব পৰা গৈছে। 

জামুগুৰিহাট