/asomiyapratidin/media/media_files/2025/10/22/1-2025-10-22-22-20-01.jpg)
ডিজিটেল সংবাদ,চিৰাং: চিৰাং জিলা সদৰ কাজলগাঁৱৰ বেংতল গেটস্থিত চাপাগুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিগত দুদিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী সকলৰ বাবে মধ্যাহ্ন ভোজন ৰান্ধিবলৈ নাই প্ৰয়োজনীয় বাচন বৰ্তন। কাৰণ উক্ত বিদ্যালয়খনৰ ৰান্ধনীশালত চোৰে ছাফাই অভিযান চলোৱাৰ পিছতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই সন্দৰ্ভত চাপাগুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধানশিক্ষক শুভেন্দু দেৱনাথে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কালি ৰাতিপুৱা বিদ্যালয়ত আহি মধ্যাহ্ন ভোজন ৰান্ধনীশালৰ দৰ্জাখন খুলি থোৱা অৱস্থাত দেখা পায়। তাৰ পিছত ৰান্ধনীশালত প্ৰৱেশ কৰি দেখিবলৈ পায় যে ছাত্ৰ ছাত্ৰী সকলৰ বাবে মধ্যাহ্ন ভোজন ৰন্ধন কৰা অধিকাংশ বাচন বৰ্তন নাই।
স্মাৰ্ট টিভি থকা শ্ৰেণীকোঠালীৰ দৰ্জাখন ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি ভিতৰত প্ৰৱেশ কৰি দেখিবলৈ পায় যে স্মাৰ্ট টিভিৰ দুটাকৈ ১২ ভল্টৰ বেটেৰী নাই। যোৱা শনিবাৰৰ পৰা সোমবাৰ লৈকে বিদ্যালয় কাতি বিহু আৰু দিপাৱলীৰ ছুটি আছিলে উক্ত সময়ছোৱাতে চোৰে সুযোগ বুজি মধ্যাহ্ন ভোজন ৰান্ধনীশালৰ বাচন বৰ্তন আৰু বেটাৰী দুটা চুৰি কৰি লৈ গৈছে বুলি সন্দেহ প্ৰকাশ কৰে।
বিদ্যালয়ত উক্ত চুৰিকাণ্ডৰ ঘটনা সন্দৰ্ভত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অৱগত কৰি পৰবৰ্তী সময়ত কাজলগাঁও আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰা হয়।দুৰ্ভাগ্যজনক কথা এই চুৰিকাণ্ডৰ ফলত যোৱা দুদিন ধৰি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক মধ্যাহ্ন ভোজন খুৱাব পৰা নাই।
ইপিনে বিটিচি চৰকাৰৰ শিক্ষা বিভাগৰ পৰা এক অধিসূচনা জাৰি কৰি বিটিচি এলেকাৰ সকলো বিদ্যালয়ৰ পৰিচালনা সমিতি ভঙ্গ কৰি দিছে। নতুন বিদ্যালয় পৰিচালনা সমিতি গঠন নকৰা পৰ্যন্ত প্ৰধান শিক্ষক গৰাকীয়ে নতুন বাচন বৰ্তন কিনিব পৰা নাই। ফলস্বৰূপে অনিচ্ছাসত্বেও বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী সকলক মধ্যাহ্ন ভোজন খুৱাব পৰা নাই।
জানিব পৰা মতে দুৰ্গাপূজাৰ পৰা কালীপূজা লৈকে বিদ্যালয় বন্ধ থকাৰ সুযোগ গ্ৰহণ কৰি চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বিদ্যালয়ত নিশা চোৰে চুৰিকাণ্ড সংঘটিত কৰি বিদ্যালয়ৰ মূল্যবান সা-সামগ্ৰী চোৰ কৰি লৈ যোৱাৰ খবৰ পোৱা গৈছে ।